ভেৰভেৰী আঞ্চলিক সাৰ্বজনীন ফল্গু উৎসৱ উদযাপন
দেৱাশীষ গোস্বামী,নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা- পুৰণি পৰম্পৰা ৰক্ষা কৰি এইবছৰো ভেৰভেৰী বঢ়মপুৰ প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ উদ্যোগত ফল্গু উৎসৱভাগ ভেৰভেৰীস্থিত কাৰ্য্যালয়ত স্থানীয় তথা দাঁতি কাষৰীয়া লোকসকলৰ সহায় সহযোগত অতি উলহ মালহেৰে তিনি দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়। উক্ত কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি ১৭মাৰ্চ বৃহস্পতিবাৰে সন্ধিয়া মেষদাহ কাৰ্য্য সম্পন্ন কৰা হয়। উক্ত কাৰ্য্যসূচীৰে অংশ হিচাপে ২য় দিনা অৰ্থাৎ ১৮ মাৰ্চ শুক্ৰবাৰে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে মদন গোস্বামী দেৱে। ধৰ্মধ্বজা উত্তোলনৰ পাছতে কলংপাৰ শিৱ মন্দিৰ ঘাটৰ পৰা জলাৰোহন তথা পূজা আৰম্ভ হয়। পূজাৰ শেষত দুপৰীয়া শান্তি, নিৰ্মালি, প্ৰসাদ বিতৰণ আৰু ভোগ গ্ৰহণ কাৰ্য্য সম্পন্ন হয়। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। তৃতীয় তথা অন্তিম দিনা অৰ্থাৎ ১৯ মাৰ্চ শনিবাৰে পুৱা গোসাঁই পৰিভ্ৰমণ আৰু দুপৰীয়া প্ৰীতিভোজৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ শেষত সমগ্ৰ কাৰ্য্যসূচীৰ বিভিন্ন দিশ সমূহৰ খতিয়ান উপস্থিত ৰাইজৰ আগত মুকুন্দ গোস্বামীদেৱে দাঙি ধৰে। ভেৰভেৰী বঢ়মপুৰ প্ৰাথমিক ব্ৰাহ্মণ সমাজলৈ স্থানীয় বিধায়ক জিতু গোস্বামীদেৱে ৫,০০০ টকাৰ এক অনুদান আগবঢ়ায়, ব্ৰাহ্মণ সমাজৰ সক্ৰিয় কৰ্মকৰ্তা মুকুন্দ গোস্বামীদেৱেউক্ত অনুদানেৰে ব্ৰাহ্মণ সমাজৰ কাৰ্য্যালয়ৰ বাবে অতি প্ৰয়োজনীয় ১খন টেবুল আৰু ১০খন চকী ক্ৰয় কৰাৰ কথা উপস্থিত ৰাইজৰ আগত তেখেতৰ চমু বক্তব্যত সদৰী কৰে আৰু অনুষ্ঠানটোৰ তিনিওটা দিনেই সকলো ধৰ্মপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোৰে শলাগ লয় আৰু কৃতজ্ঞতা জ্ঞাপন কৰে তথা ভৱিষ্যতেও সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰে।