ভেৰগাঁৱৰ ঐতিহাসিক বুঢ়াপূজাশালি থানত দেৱীৰ বোধনেৰে আজিৰে পৰা ২৬৯ সংখ্যক দুৰ্গোৎসৱ আৰম্ভ

rongilibarta

ভেৰগাঁৱৰ ঐতিহাসিক বুঢ়াপূজাশালি থানত দেৱীৰ বোধনেৰে আজিৰে পৰা ২৬৯ সংখ্যক দুৰ্গোৎসৱ আৰম্ভ; বাথৌ- শিৱ- কালী মন্দিৰ উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা – অইন কেইবছৰৰ দৰে এই বেলিও ভেৰগাঁৱৰ ঐতিহাসিক বুঢ়াপূজাশালি থানত আজিৰে পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে ২৬৯ সংখ্যক দুৰ্গা পূজা আৰম্ভ হৈছে। দুৰ্গা ষষ্ঠী উপলক্ষ্যে সন্ধিয়া পৰম্পৰাগত নীতি- নিয়ম, পূজা-অৰ্চনা, মংগল বাদ্য, মন্ত্ৰোচ্ছাৰণেৰে দুৰ্গা দেৱীৰ বোধনেৰে পূজা আৰম্ভ কৰা হয়। ইয়াৰ পূৰ্বে দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি বুঢ়াপূজাশালি থানত নতুনকৈ সাজি উলিওৱা বাথৌ, শিৱ আৰু কালীৰ মন্দিৰ তিনিটা উদ্বোধন কৰা হয়। বুঢ়াপূজাশালি থানৰ চৌহদত আটকধুনীয়াকৈ নিৰ্মাণ কৰা বাথৌ মন্দিৰৰ দ্বাৰ  বিধানসভাৰ উপাধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে, শিৱ মন্দিৰৰ দ্বাৰ  বি টি চিৰ কাৰ্যবাহী সদস্য দাউবাইছা বড়োৱে আৰু কালী মন্দিৰৰ দ্বাৰ স্থানীয় জেষ্ঠ নাগৰিক তথা সমাজ কৰ্মী মণিৰাম বড়োৱে মাংগলিক ৰীতি- নীতিৰ মাজেৰে উদ্ঘাটন কৰে। এই উপলক্ষ্যে পূৱ টোটোলাপাৰা, নাগাচুবা,বালিচিঠা থাইগিৰিবাৰী বগৰীবাৰী, জাবাংগাপথাৰ আদি গাঁৱৰ সমাজে সমূহীয়া(আৰজ) প্ৰাৰ্থনা কৰে। উক্ত অনুষ্ঠানত ভেৰগাঁও সমষ্টিৰ প্ৰাক্তন এম চি এল এ ৰাতি ৰাম বড়ো, ওদালগুৰি জিলা বি জে পিৰ এছ টি মৰ্চাৰ সভাপতি জৌস্ৰাং বড়ো, খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিবেক ৰতণ বড়ো প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।