ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ-গতি বিজ্ঞান শাখাত ড° বিনয় কুমাৰ শ‍ইকীয়াই লাভ কৰিছে শান্তি স্বৰূপ ভাটনাগৰ বঁটা

pc assam news18

ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ-গতি বিজ্ঞান শাখাত ড° বিনয় কুমাৰ শ‍ইকীয়াই লাভ কৰিছে শান্তি স্বৰূপ ভাটনাগৰ বঁটা

অনলাইন বাৰ্ত্তাসেৱা – সম্প্ৰতি কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি এছ আই আৰ)ৰ যোৰহাটস্থিত শাখা উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান (এন ই আই এছ টি)ৰ বিজ্ঞানী হিচাপে কৰ্মৰত বিশিষ্ট বিজ্ঞানী ড° বিনয় কুমাৰ শ‍ইকীয়াদেৱে শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহ-গতি বিজ্ঞান শাখাত ড° শ‍ইকীয়াই লাভ কৰিছে এই সন্মানীয় স্বীকৃতি। ৰসায়ন বিজ্ঞানৰ পি এইচ ডি ডিগ্ৰীধাৰী ড° শইকীয়াই কেইবাখনো বহুমূলীয়া গ্ৰন্থ ৰচনাৰে বিজ্ঞান জগতলৈ অনবদ্য অৱদান আগবঢ়াইছে। তদুপৰি তেওঁৰ ৬৫খনতকৈ অধিক গৱেষণা-পত্ৰ ইতিমধ্যে প্রকাশ পাইছে। নিজৰ গৱেষণা আৰু কৰ্মৰ বাবে ড° শ‍ইকীয়াই ইতিপূর্বে লাভ কৰিছে কেইবাটাও উল্লেখযোগ্য বঁটা আৰু ফেল’শ্বিপ। উল্লেখ্য যে বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদে ১৯৫৮ চনৰ পৰাই ভাৰতীয় বিজ্ঞান-প্রযুক্তি বিদ্যাৰ সৰ্বোচ্চ সন্মান ৰূপে চিহ্নিত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰি আহিছে।