ভুৱা চিকিৎসাৰ বিল প্ৰদান কৰি বিদ্যুৎ বিভাগৰ ৭ কৰ্মচাৰী নিলম্বিত

pc-aoeaseb.com

ভুৱা চিকিৎসাৰ বিল প্ৰদান কৰি বিদ্যুৎ বিভাগৰ ৭ কৰ্মচাৰী নিলম্বিত

অনলাইন বাৰ্ত্তাসেৱা– অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ এগৰাকী উচ্চ বৰ্গৰ সহায়কসহ সাতজন কৰ্মচাৰীৰ বিৰুদ্ধে চিকিৎসা বিলত জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ ভিত্তিত তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। ৰঙিয়াৰ সহকাৰী মহাপ্ৰবন্ধক দিগন্ত ডেকাৰ এজাহাৰৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে ৰঙিয়া থানাত জামিন বিহীন গোচৰ ৰুজু কৰা হৈছে। বিজুলী ভৱনতো অভিযোগ দাখিল কৰা হৈছে। এই অভিযোগৰ ভিত্তিততে নিৰ্ভৰ কৰিয়েই বিভাগীয়ভাৱে তদন্ত আৰম্ভ কৰাৰ উপৰি বিভাগৰ পৰা তৎকালীনভাৱে নিলম্বন কৰা হৈছে। সংগৃহীত তথ্য অনুসৰি অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ ৰঙিয়াৰ কাৰ্যালয়ৰ সাতজন কৰ্মীয়ে গুৱাহাটী হায়াত, জিএনআৰচি আদি ব্যক্তিগত চিকিৎসালয়ৰ পৰা চিকিৎসাৰ নামত প্ৰায় ৪লাখ টকাৰ পৰা ১১ লাখ টকাৰ মুঠ ৪৫ লাখ টকাৰ ভুৱা বিল জমা দিছিল।

 

(R.T)