ভাৰত-বাংলাৰ বৈদেশিক মন্ত্ৰীৰ চট্টগ্রাম  বন্দৰ বাণিজ্যিক  ব্যৱহাৰৰ বাবে গুৱাহাটীত বৈঠক 

PC-Dhyeya IAS

ভাৰত-বাংলাৰ বৈদেশিক মন্ত্ৰীৰ চট্টগ্রাম  বন্দৰ বাণিজ্যিক  ব্যৱহাৰৰ বাবে গুৱাহাটীত বৈঠক 

ৰঙিলী বাৰ্ত্তাসেৱা –  চলিত মাহৰ শেষভাগত গুৱাহাটীত ভাৰত-বাংলাদেশৰ বৈদেশিক মন্ত্ৰীয়ে  চট্টগ্রাম  বন্দৰ বাণিজ্যিক  ব্যৱহাৰৰ ওপৰত  গুৱাহাটীত এখন বৈঠকত মিলিত হ’ব । কেৱল চট্টগ্রাম বন্দৰ বুলি নহয়, কিদৰে দুয়োখন দেশৰ মাজত ৰে’ল তথা নদীপথত পণ্য সামগ্ৰীৰ লগতে যাতায়াতৰ মাধ্যম সৃষ্টি কৰিব পাৰি, তাক লৈও বৈঠকত আলোচনা কৰা হ’ব। কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়ৰ সূত্ৰত এই কথা জানিব পৰা গৈছে। উল্লেখ্য যে শ্বিলংস্থিত দেশৰ অন্যতম থিংক টেংক হিচাপে পৰিচিত এছিয়ান কনফ্লুয়েন্সে ২৮-২৯ মে’ত গুৱাহাটীত ‘ৰিভাৰ কনক্লেভ-৩’ শীর্ষক এখন সন্মিলনৰ আয়োজন কৰিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে উদ্বোধন কৰিবলগীয়া উক্ত সম্মিলনত বাংলাদেশৰ বৈদেশিক মন্ত্রী এ কে আব্দুল মোমেনেও অংশগ্ৰহণ কৰিব। সেই সময়তেই তেওঁলোক এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা