ভাৰতৰ নদী ক্রুজ খণ্ডত ইতিহাস সৃষ্টিৰে ডিব্ৰুগড়ত সফলতাৰে প্ৰথমটো যাত্ৰা সম্পূৰ্ণ কৰে এম ভি গংগা বিলাসে
ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ নদী ক্রুজ খণ্ডত ইতিহাস সৃষ্টিৰে ডিব্ৰুগড়ত সফলতাৰে প্ৰথমটো যাত্ৰা সম্পূর্ণ কৰিছে এম ভি গংগা বিলাসে। বিশ্বৰ আটাইতকৈ দীঘল নদী ভ্রমণ ‘এম ভি গংগা বিলাস’ক আজি ডিব্ৰুগড়ত উষ্ম আদৰণি জনাই কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতৰ ৭৫ বছৰীয়া ইতিহাসত অভ্যন্তৰীণ জল পৰিবহণ খণ্ডত এয়া এক যুগান্তকাৰী আৰু পথ প্ৰদৰ্শনকাৰী পৰিঘটনা হিচাপে পৰিগণিত হৈছে।” এম ভি গংগা বিলাসে আজি দিনৰ ২:৩০ বজাত ডিব্ৰুগড়ৰ বগীবিলত প্ৰৱেশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিসকলে জাহাজখনৰ ২৮ গৰাকী বিদেশী পৰ্যটকক উষ্ম আদৰণি জনায়। ৩২০০ কিল’মিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি ইয়াৰ প্ৰথম যাত্ৰাৰ সফল সমাপ্তিৰ সৈতে এম ভি গংগা বিলাসে দক্ষিণ-পূব এছিয়াত নদী পৰ্যটনৰ নতুন সুযোগ-সম্ভাৱনা মুকলি কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৩ জানুৱাৰী, ২০২৩ তাৰিখে ভাৰতৰ প্ৰথমখন দেশীয়ভাৱে নির্মিত করুজ জাহাজ এমভি গংগা বিলাসৰ বাৰাণসীৰপৰা শুভাৰম্ভণি কৰিছিল। অত্যাধুনিক ডিজাইন, সা-সুবিধা আৰু ভৱিষ্যতৰ দৃষ্টিভংগীৰে নিৰ্মিত ক্রুজখনত তিনিটা ডেক আৰু ৩৬ গৰাকী পৰ্যটকৰ বাবে ১৮টা ছুইট আছে। এই যুগান্তকাৰী যাত্ৰাৰ সময়ত জাহাজখনত ভ্ৰমণ কৰা পৰ্যটকসকলে আজি ডিব্ৰুগড় পোৱাৰ আগতে পাটনা চাহিব, বোধগয়া, বিক্রমশিলা, ঢাকা, সুন্দৰবন, কাজিৰঙা, মাজুলীৰ দৰে উল্লেখযোগ্য পর্যটনস্থলীৰ মাজেৰে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিছিল। গংগা বিলাসৰ অভূতপূর্ব সফলতাৰ পৰিপ্ৰেক্ষিতত ইয়াক ইতিমধ্যে পৰৱৰ্তী দুবছৰৰ যাত্ৰাৰ বাবেও বুক কৰা হৈছে। এই ঐতিহাসিক মুহূৰ্তত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতে কিদৰে দেশৰ শক্তি- সম্ভাৱনাক নতুন দৃষ্টিভংগীৰে উন্মুক্ত কৰিবলৈ নতুন পথৰ অন্বেষণ কৰিছে, বিশ্বৰ দীৰ্ঘতম নদী ভ্ৰমণ এম ভি গংগা বিলাসৰ সফল সমাপ্তি তাৰেই এক অনন্য উদাহৰণ সফলতাৰে ক্রুজ চলাচলৰ লগতে অভ্যন্তৰীণ জলপথত কাৰ্গ’ চলাচল প্রধানমন্ত্ৰী ডাঙৰীয়াৰ ‘পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন’ অনাৰ দৃষ্টিভংগীৰ এক উপযুক্ত প্রমাণ। তেখেতৰ গতিশীল নেতৃত্বতে আমি মেৰিটাইম ইণ্ডিয়া ভিজন, ২০৩০ আৰু প্রধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন তথা ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ সৈতে ২০৩৫ চনৰ ভিতৰত সাগৰমালাৰ লক্ষ্যত উপনীত হ’বলৈ নিৰৱচ্ছিন্ন কাম কৰি আছোঁ। গংগা বিলাসৰ সফল যাত্ৰাৰে আজি আমি ভাৰতৰ নীল অৰ্থনীতিৰ প্ৰবল সম্ভাৱনাৰ উপলব্ধিকৰণৰ দিশত আন এক মাইলৰ খুটি স্পৰ্শ কৰিবলৈ সক্ষম হ’লোঁ।” উত্তৰ-পূৰ্বাঞ্চলত নদী অৰ্থনীতিৰ ব্যাপক বৃদ্ধিৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি ডিব্ৰুগড়ত বিশ্বৰ দীৰ্ঘতম নদী ভ্ৰমণ সফলতাৰে সম্পূৰ্ণ হোৱাৰ লগে লগে নদী বাণিজ্যৰ আমাৰ গৌৰৱময় ইতিহাস পুনৰুজ্জীৱিত হোৱাৰ পথ প্ৰশস্ত হৈছে। মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি ব্ৰহ্মপুত্ৰৰপৰা ইণ্ডো-বাংলাদেশ প্ৰট’কল ৰুট (আই বি পি আৰ) আৰু উপকূলীয় পৰিস্থিতিতন্ত্ৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক বাণিজ্য পথলৈ আমাৰ প্ৰৱেশাধিকাৰ পুনৰুজ্জীৱিত কৰিব পাৰিছোঁ। দেশৰ নদী অর্থনীতিয়ে এই নদী ক্রুজৰ সফলতাৰ জৰিয়তে এক নতুন উৎসাহ লাভ কৰিছে৷ অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিকভাৱে বহনক্ষম, ব্যয়সন্মত, সময় হ্রাসকাৰী বৈকল্পিক পৰিবহণৰ ক্ষেত্ৰত মাননীয় প্রধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন আজি এই সফলতাৰ জৰিয়তে বাস্তৱায়িত হৈছে বুলি আমি অনুধাৱন কৰিছোঁ৷ গংগা বিলাসৰ জৰিয়তে বিদেশৰ পর্যটকসকলে ভাৰতৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চল আৰু বাংলাদেশৰ আধ্যাত্মিক-সাংস্কৃতিক ঐতিহ্য, লোককৃষ্টি, পৰম্পৰা, প্রাকৃতিক সৌন্দৰ্য, জৈৱ-বৈচিত্ৰতা, জনগোষ্ঠীয় বিবিধতা আদি বিভিন্ন দিশৰ বিশালতা প্রত্যক্ষ কৰি অভিভূত হৈ পৰিছে। গংগা বিলাসে বিশ্বৰ নদী পৰ্যটনৰ মানচিত্ৰত পূব ভাৰতৰ গুৰুত্ব এতিয়া অধিক বৃদ্ধি কৰিলে। মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে- নদী পৰিবহণত বিনিয়োগ বৃদ্ধি কৰি আমি মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি প্ৰদূষণ যথেষ্ট হ্রাসকৰণেৰে নেট জিৰ’ৰ মহৎ উদ্দেশ্যত উপনীত হ’ব পাৰিম। যিহেতু উত্তৰ-পূব ভাৰতে ইয়াৰ সমৃদ্ধ নদী প্ৰণালীৰে ভাৰতৰ বিকাশৰ ইঞ্জিনক শক্তি প্ৰদান কৰিবলৈ সাজু হৈছে, মই নিশ্চিত যে সমগ্ৰ অসমৰ লগতে ঐতিহাসিক চহৰ ডিব্ৰুগড় আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহে পৰৱৰ্তী দিনবোৰত অৰ্থনৈতিক আৰু বাণিজ্যিক সম্ভাৱনাক এক নতুন গতি প্ৰদান কৰিব।” এই বিশেষ ক্ষণত সৰ্বানন্দ সোণোৱালে এম ভি গংগা বিলাসৰদ্বাৰা বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ভ্ৰমণৰ সফলতাত অৱদান আগবঢ়োৱা সকলোকে অভিনন্দন আৰু ধন্যবাদ জনায়। অন্যান্য ব্যক্তিগত খণ্ডৰ অপাৰেটৰসকলকো দেশখনৰ সমৃদ্ধিৰ বাবে নদী ক্রুজ পর্যটন পৰিস্থিতিতন্ত্ৰৰ অংশ হ’বলৈ তেওঁ উৎসাহিত কৰে। সোণোৱালে সকলো উদ্যোগী আৰু বাণিজ্য খণ্ডৰ অগ্ৰণী লোকসকলক জলপথ খণ্ডত বিনিয়োগেৰে সুফল অৰ্জন কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ আহ্বান জনায়। তদুপৰি, ডিব্ৰুগড়ত এটা কাৰ্গ’ টার্মিনেলৰ নিৰ্মাণৰ বিষয়েও তেওঁ ঘোষণা কৰে। এম ভি গংগা বিলাসৰ অবিৰাম আৰু সুচল চলাচলে গংগা উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত জাহাজৰ নিৰৱচ্ছিন্ন চলাচলৰ সাৰ্থকতা প্ৰতিষ্ঠা কৰিছে। ভাৰত- বাংলাদেশ প্রট’কল ৰুট ব্যৱহাৰ কৰি বাৰাণসীৰপৰা ক’লকাতা হৈ ডিব্ৰুগড়লৈ- এই বিশাল জলপথছোৱাৰ পুনৰুজ্জীৱিতকৰণে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বুকুতো নতুন দিগন্তৰ সূচনা কৰিছে। উল্লেখযোগ্য যে, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অৰ্থ গংগা আৰু মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰকল্পৰ জৰিয়তে অভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৬,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে। উত্তৰ-পূব ভাৰতৰ সৰ্বাংগীণ বিকাশৰ বাবে এই দিশটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’বলৈ ধৰিছে। ২০০৪ চনৰপৰা ২০১৪ চনলৈ, উপকূলীয় কাৰ্গ’ বৃদ্ধি ২৫% হোৱাৰ বিপৰীতে যোৱা বছৰকেইটাত এই পৰিমাণ বৃদ্ধি হৈছে ৭৭%। এই অনুষ্ঠানত ভাৰত চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে বাংলাদেশৰ জাহাজ পৰিবহণ মন্ত্ৰী খালিদ মাহমুদ চৌধুৰী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীসকল- ৰামেশ্বৰ তেলী, শান্তনু ঠাকুৰ, শ্রীপদ য়েছ’ নাইক, ড° ৰাজকুমাৰ ৰঞ্জন সিং, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, অৰুণাচল প্ৰদেশৰ সাংসদ তাপিৰ গাও প্ৰমুখ্যে বিধায়ক, গণ্য- মান্য ব্যক্তি আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয় তথা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উচ্চপদস্থ বিষয়াসকল।