ভাৰতৰ ইংলেণ্ডৰ বিৰুদ্ধে ২-১ত শৃংখলা জয়

Pc NDTV Sports

ভাৰতৰ ইংলেণ্ডৰ বিৰুদ্ধে ২-১ত শৃংখলা জয়

ৰঙিলী বাৰ্ত্তাসেৱা- হাৰ্দিক পাণ্ডিয়াৰ দৰ্শনীয় অলৰাউণ্ড প্ৰদৰ্শন আৰু ঋষভ পন্তৰ অপৰাজিত শতক অৰ্জন কৰাৰ ফলত ভাৰতে তৃতীয় আৰু অন্তিম এদিনীয়াত ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰি শৃংখলাটো ২-১ ত দখল কৰে। মেচখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৪৫.৫ অভাৰত ২৫৯ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। হাৰ্দিক পাণ্ডিয়াই কেৰিয়াৰৰ শ্ৰেষ্ঠ বলিঙেৰে চাৰিটা উইকেট দখল কৰে। ইংলেণ্ডৰ হৈ জেছন ৰয়ে ৪১ ৰান, বেন ষ্ট’কছে ২৭ ৰান, মঈন আলীয়ে ৩৪ ৰান, লিয়াম লিভিংষ্ট’নে ২৭ ৰান আৰু ক্ৰেইগ অভাৰটনে ৩২ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঋষভ পন্তে ১১৩টা বলত ১২৫ ৰান আৰু হাৰ্দিক পাণ্ডিয়াই ৫৫ টা বলত ৭১ ৰান সংগ্ৰহ কৰে।ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে এতিয়া একেৰাহে আঠখন আন্তঃৰাষ্ট্ৰীয় শৃংখলা জিকিছে।