ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ হাগ্ৰামা মহিলাৰীৰ

pc the indian express

ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ হাগ্ৰামা মহিলাৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰ এছ এছ আৰু বিজেপিৰ নেতাক দিল্লীত সাক্ষাৎ কৰাৰ লগতে এন ডি এ-ত চামিল হ’ব বিচাৰি বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নড্ডালৈ পত্ৰ প্ৰেৰণ কৰিছে৷ পত্ৰৰ প্ৰতিলিপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈও প্ৰেৰণ কৰিছে৷ পত্ৰযোগে মহিলাৰীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিলৈ চাৰিটা প্ৰস্তাৱো আগবঢ়াইছে৷ যিটো সময়ত ৰাজ্য চৰকাৰলৈ সমৰ্থন আগবঢ়ায়ো ইউ পি পি এলৰ বাবে বি পি এফ দল ৰাজ্যৰ ৰাজনীতি প্ৰায় এলাগী হৈ পৰিছে, সেই সময়ত দলটোৰ গ্ৰহণযোগ্যতা পুনৰ ঘূৰাই অনাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে এন ডি এ তথা বিজেপিৰ নেতৃত্বলৈ প্ৰস্তাৱসমূহ আগবঢ়ায়৷ হাগ্ৰামা মহিলাৰীয়ে পত্ৰত বি পি এফক এন ডি এত অৰ্ন্তভুক্তিৰ বাবে আহ্বান জনায়।আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে তেওঁ বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰো আশ্বাস দিয়ে। লগতে মহিলাৰীয়ে মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।মহিলাৰীয়ে এজন বিপিএফ বিধায়কক কেবিনেট মৰ্যাদা দিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ দিয়ে। লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈও পত্ৰ প্ৰেৰণ কৰে তেওঁ। দিল্লীত ৰাজনৈতিক অংকত ব্যস্ত থকা হাগ্ৰামা মহিলাৰীক সংগ দিবলৈ দিল্লীলৈ যাবলৈ সাজু হৈছে বি পি এফৰ দুই বিধায়ক। তথ্য অনুসৰি বিধায়ক দুৰ্গা দাস বড়ো আৰু চৰণ বড়োৱে হাগ্ৰামাক সংগ দিবলৈ দিল্লীলৈ যাব। দুই এদিনতে ৰবিৰাম নাৰ্জাৰীও যাব দিল্লীলৈ।