ভাৰতীয় পৰিচালক শ্যাম বেনেগাল আৰু নাই
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় চলচ্চিত্র জগতত নক্ষত্ৰৰ পতন। প্ৰখ্যাত চলচ্চিত্র নির্মাতা, পৰিচালক শ্যাম বেনেগাল আৰু নাই। ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চলচ্চিত্ৰকাৰগৰাকীয়ে। সন্ধিয়া ৬.৩০ বজাত শ্যাম বেনেগালৰ দেহাৱসানৰ লগে লগেই চলচ্চিত্ৰৰ এটা যুগৰ অৱসান ঘটিল। দীর্ঘদিন ধৰি বাৰ্ধক্যজনিত অসুস্থতাত ভুগি আছিল শ্যাম বেনেগালে। ইয়াৰ উপৰি চলচ্চিত্ৰকাৰগৰাকীৰ বৃক্কৰ সমস্যা আছিল। শ্যাম বেনেগালৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে তেওঁৰ কন্যা পিয়া বেনেগালে। যোৱা ১৪ ডিচেম্বৰত আছিল শ্যাম বেনেগালৰ জন্মদিন। ৯০ বছৰ সম্পূৰ্ণ কৰিছিল প্রসিদ্ধ চলচ্চিত্ৰকাৰগৰাকীয়ে। শাৰীৰিক অসুস্থতাত দীর্ঘদিন ভুগি থকা সত্ত্বেও কামৰ মাজতেই ব্যস্ত হৈ আছিল শ্যাম বেনেগাল। সপ্তাহৰ তিনি দিনকৈ বৃক্ক ডায়েলেছিছৰ বাবে হাস্পতাললৈ যাবলগীয়া হৈছিল বেনেগালে। কিন্তু ইয়াৰ মাজতো ছবিৰ কাম বন্ধ কৰা নাছিল পৰিচালকগৰাকীয়ে। ২০২৩ চনত মুক্তিলাভ কৰে বেনেগালে পৰিচালনা কৰা অন্তিমখন ছবি ‘মুজিক: দ্য মেকিং অব এ নেচন’-এ। ভাৰতীয় চলচ্চিত্র জগতত একাধিক সম্মানেৰে বিভূষিত হৈছিল বেনেগাল। ১৯৭৬ চনত বেনেগাললৈ পদ্মশ্রী আৰু ১৯৯১ চনত পদ্মভূষণ সম্মান আগবঢ়োৱা হয়। দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিছিল বেনেগালে। ১৯৩৪ চনৰ ১৪ ডিচেম্বৰত হায়দৰাবাদত জন্ম হৈছিল শ্যাম বেনেগালৰ। কোংকনি পৰিয়ালত জন্ম হৈছিল বেনেগালৰ। মাত্র ১২ বছৰ বয়সতে পিতৃয়ে দিয়া কেমেৰাৰ জৰিয়তে প্রথম ছবি নিৰ্মাণ কৰিছিল পৰিচালকগৰাকীয়ে। শ্যাম বেনেগালৰ পিতৃ আছিল পেছাত চিত্রগ্রহণকাৰী। পিতৃৰ পৰাই অনুপ্ৰেৰণা লাভ কৰিছিল বেনেগালে। হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল বেনেগালে। হায়দৰাবাদ ফিল্ম ছ’চাইটীৰ পৰাই ছবি নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰিছিল পৰিচালকগৰাকীয়ে। ‘মন্থন’, ‘জুনুন’, ‘আৰোহণ’, ‘নেতাজী সুভাষ চন্দ্র বসু: দ্য ফৰগোটেন হিৰো’ ‘ৱেল ডান আব্বা’, ‘মাম্মো’ৰ দৰে বহু ছবি নির্মাণ কৰিছিল শ্যাম বেনেগালে। লক্ষণীয় যে ১৯৭৫ চনৰ পৰা আৰম্ভ কৰি একেৰাহে পাঁচবাৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্জন কৰিছিল শ্যাম বেনেগালে। বলীউডৰ কোনো পৰিচালকৰ ক্ষেত্ৰত এনে সফলতাৰ নজিৰ নাই। পৰিচালকগৰাকীৰ জুনুন, মন্থন আৰু আৰোহণ ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। স্মৰ্তব্য যে ১৯৭০ৰ পৰা ১৯৮০ৰ দশকত ভাৰতীয় চলচ্চিত্র জগতত ইখনৰ পিছত সিখন সফল ছবি উপহাৰ দিবলৈ সক্ষম হৈছিল বেনেগালে।