ভাৰতীয় কূটনীতিবিদ অমনদীপ সিং গিলক প্ৰযুক্তিৰ ওপৰত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ দূত হিচাপে নিযুক্তি

pc india Tv News

ভাৰতীয় কূটনীতিবিদ অমনদীপ সিং গিলক প্ৰযুক্তিৰ ওপৰত ৰাষ্ট্ৰসংঘৰ মুৰব্বীৰ দূত হিচাপে নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে জ্যেষ্ঠ ভাৰতীয় কূটনীতিবিদ অমনদীপ সিং গিলক আন্তঃৰাষ্ট্ৰীয় ডিজিটেল সহযোগিতাৰ কাৰ্যসূচীৰ সমন্বয়ৰ বাবে প্ৰযুক্তিবিদ্যাৰ ওপৰত তেওঁৰ দূত হিচাপে নিযুক্তি দিছে। ৰাষ্ট্ৰসংঘৰ মতে, গিলৰ “ডিজিটেল প্ৰযুক্তিৰ গভীৰ জ্ঞান থকাৰ লগতে ডিজিটেল পৰিৱৰ্তনক দায়িত্বশীলভাৱে কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ এক দৃঢ় বুজাবুজি আছে”। গিলে ১৯৯২ চনত ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰিছিল।