ভাৰতত ৪,০৪১ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

pc-Institut national de la recherche scientifique

ভাৰতত ৪,০৪১ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা-   স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৪,০৪১ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ১০ জন লোকৰ মৃত্যু হৈছে । যোৱা ২৪ ঘণ্টাত কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখা হৈছে ২,৩৬৩ জন।যাৰ ফলত কৰ’না সংক্ৰমণৰ পৰা মুঠ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৪,২৬,২২,৭৫৭জন।  আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২৪,৬৫১ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান  ২১,১৭৭ টা সক্ৰিয় ঘটনা আছে।