ভাৰতত ২৪৬জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৮,৯৮৭ জন লোক কৰʼনাত সংক্ৰমিত হয়। ২৪৬ জন লোকৰ নতুনকৈ কৰʼনাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমিত হোৱা ঘটনাৰ ৫৮% কেৰালাৰ। ভাৰতত বৰ্তমান ২,০৬,৫৮৬ টা সক্ৰিয় ঘটনা আছে। ভাৰতত মুঠ ৪,৫১,৪৩৫ জন লোকৰ কৰʼনাৰ ফলত মৃত্যু হৈছে।