ভাৰতত ২,৩৮০ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে
ৰঙিলী বাৰ্ত্তাসেৱা – স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৩৮০ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে ।আৰু যোৱা ২৪ ঘণ্টাত কৰ’ণাত আক্ৰান্ত হৈ ৫৬ জন লোকৰ মৃত্যু হৈছে । ভাৰতত বৰ্তমান ১৩,৪৩৩ টা সক্ৰিয় ঘটনা আছে।আনহাতে কৰ’ণাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২২,০৬২ জনলৈ বৃদ্ধি হৈছে ।