ভাৰতত ১৯,৬৭৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

Pc AstraZeneca

ভাৰতত ১৯,৬৭৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৯,৬৭৩ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত কৰ’না সংক্ৰমণৰ পৰা ১৯,৩৩৬জনলোক সুস্থ হৈ উঠিছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৪৫ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৬,৩৫৭ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা আছে ১,৪৩,৬৭৬টা ।