ভাৰতত ১,৯৫৭ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

Pc Times of India

ভাৰতত ১,৯৫৭ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৯৫৭ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৮ জন লোকৰ মৃত্যু হৈছে ।কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৮,৮২২ জনলৈ বৃদ্ধি হৈছে। তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ২,৬৫৪ জন লোক সুস্থ হৈ উঠিছে। ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ২৭,৩৭৪জনলৈ হ্ৰাস পাইছে।আনহাতে দৈনিক পজিটিভিটিৰ হাৰ ০.৭১%।