ভাৰতত নতুনকৈ ৭,৪৪৭ জন লোক কৰ’নাত সংক্ৰমিত

Pc CGTN

ভাৰতত নতুনকৈ ৭,৪৪৭ জন লোক কৰ’নাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত নতুনকৈ যোনা ২৪ ঘণ্টাত ৭,৪৪৭ জন লোক কৰ’নাত সংক্ৰমিত হৈছে।ইয়াৰ সৈতে ভাৰতত কৰ’নাত সংকৰমিত হোৱা লোকৰ সংখ্যা ৩,৪৭,২৬,০৪৯লৈ বৃদ্ধি পাইছে। দেশখনত নতুনকৈ কৰৌনা সংক্ৰমণৰ ফলত ৩৯১ জন লোকৰ মৃত্যু হৈছে।যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণর ফলত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৬,৮৬৯ লৈ বৃদ্ধি পাইছে।ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ৮৬,৪১৫টা আছে।