ভাৰতত নতুনকৈ ৩,৩০৩ জন লোক কৰ’নাত আক্ৰান্ত  

PC-The Lancet

ভাৰতত নতুনকৈ ৩,৩০৩ জন লোক কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত  ৩,৩০৩ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৩৯ জন লোকৰ মৃত্যু হৈছে । কৰ’নাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২৩,৬৯৩  জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান  ১৬,৯৮০ টা সক্ৰিয় ঘটনা আছে।আনহাতে কৰ’না সংক্ৰমণৰ পৰা যোৱা ২৪ ঘণ্টাত ২,৫৬৩ জনলোক সুস্থ হৈ উঠিছে।