ভাৰতত নতুনকৈ ২,৮৯৭ জন লোক কৰ’নাত আক্ৰান্ত  

Pc CNN

ভাৰতত নতুনকৈ ২,৮৯৭ জন লোক কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৮৯৭ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৫৪ জন লোকৰ মৃত্যু হৈছে । কৰ’নাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২৪,১৫৭ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান  ১৯,৪৯৪ টা সক্ৰিয় ঘটনা আছে।আনহাতে কৰ’না সংক্ৰমণৰ পৰা ২,৯৮৬ জনলোক যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে।