ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি

pc- The Economic Times

ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি

অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা মতে এদিনতে কৰʼনাৰ সংক্ৰমণ ১২ শতাংশ বৃদ্ধি পাইছে। ভাৰতত ২৪ ঘণ্টাত ৪৭,০৯২জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হয়। ৫০৯ জন লোক কৰʼনা সংক্ৰমনৰ ফলত মৃত্যু হয়। দেশৰ ভিতৰতে কেৰালাত অস্বাভাৱিকভাৱে কৰʼনাত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে। কেৰালাত ৩০ হেজাৰৰো অধিক লোক কৰʼনাত সংক্ৰমিত হৈছে। কৰʼনাৰ সংক্ৰমণত চিকিৎসাধীন অৱস্থাত আছে ৩.৮৯ লাখ লোক। দেশত সুস্থ হৈ উঠাৰ লোকৰ হাৰ ৫৯.৪৮ শতাংশ। ভাৰতত ৬৬ কোটিৰ অধিক লোকক কৰʼনাৰ প্ৰতিষেধক প্ৰদান কৰা হয়।

 

(RT)