ভাৰতত অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা ২,১০০ অতিক্ৰম

Pc. the Guardian

ভাৰতত অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা ২,১০০ অতিক্ৰম

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত অ’মিক্ৰণ প্ৰকাৰত যোৱা ২৪ ঘণ্টাত ২৪৩ জন লোক আক্ৰান্ত হৈছে। ভাৰতত এতিয়ালৈ অ’মিক্ৰণত মুঠ ২,১৩৫ জন লোক আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰ আৰু দিল্লীত সৰ্বাধিক লোক অ’মিক্ৰণত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত ৬৫৩জন লোক, দিল্লীত ৪৬৪ জন লোক আৰু কেৰালাত ১৮৫ জন লোক আক্ৰান্ত হৈছে।লক্ষণীয়ভাৱে, ভাৰতত ৮৩৮টা অ’মিক্ৰন কেছ ডিচচাৰ্জ/পুনৰুদ্ধাৰ কৰা হৈছে বা প্ৰব্ৰজন কৰা হৈছে।