ভালপোৱা – এছ ইছলাম

PC - JSTOR Daily
ভালপোৱা
এছ ইছলাম, মইনবৰী
ভালপোৱাই চলিছে বৰ্তমান
নাই কোনো জাতি ভেদ
সুখৰ সংসাৰ গঢ়াৰ বাবে
মনে মনে হয় অনিৰুদ্ধ মিলন।
আজিৰ যুগত চলিছে অগণন
জাতি ধৰ্ম-বৰ্ণ-লিংগ বৈষম্যৰ
নাই কোনো বিচাৰ প্ৰকৰণ
তেজৰ কোনো নাই প্ৰভেদকৰণ।
আমি হিন্দু আমি মুছলমান
ইভ-আদামৰ এক এক সন্তান
পূজা-পাৰ্বন আৰু উৎসৱ উদযাপন
সকলোৰে আছে সহযোগিতা কৰণ।
হাজোৰ হয়গ্ৰীৱ-মাধৱ মন্দিৰ
ঐতিহাসিক হিন্দু-মুছলমানৰ
মহা মিলনৰ শ্ৰেষ্ঠ নিদর্শন
বৃহত্তৰ অসমত আছে বিদ্যমান।
শংকৰ-আজানৰ মিলন ভূমি
য’ত জন্ম গ্ৰহণ কৰিছোঁ আমি
মহাপুৰুষ শংকৰ দেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ
ভকত চান্দুসাই প্ৰণাম কৰে গুৰুজনাৰ।
হে জগতগুৰু সৃষ্টি কৰ্তা
দূৰ কৰা হিংসা দ্বেষ আৰু কপটতা
সিঁচি দিয়া একেশ্বৰবাদী মন্ত্রণা
তোমাৰ ওচৰত এয়ে মোৰ সৰল প্ৰাৰ্থনা।