ভার্চুৱেলযোগে পশ্চিমবংগ বিজেপিৰ ক্ষেত্ৰীয় পঞ্চায়তীৰাজ পৰিষদক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ভার্চুৱেলযোগে পশ্চিমবংগ বিজেপিৰ ক্ষেত্ৰীয় পঞ্চায়তীৰাজ পৰিষদক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেলযোগে পশ্চিমবংগ বিজেপিৰ ক্ষেত্ৰীয় পঞ্চায়তীৰাজ পৰিষদক সম্বোধন কৰে। প্রধানমন্ত্রী মোদীয়ে বিজেপি কর্মীসকলক সম্বোধন কৰি লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰসংগৰে বিৰোধী ঐক্যক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিৰোধীক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় বিৰোধীয়ে অনাস্থা প্ৰস্তাৱৰ সময়ত অনেক অভিযোগ আনিছে। কোনো যুক্তি নোহোৱাকৈ তেওঁলোকে বহু অভিযোগ আনিছে। বিৰোধীয়ে মণিপুৰক লৈ আলোচনা কৰিব নিবিচাৰে। সেই কাৰণে তেওঁলোকে যুক্তি অবিহনে অভিযোগ উত্থাপন কৰি আছে। বিৰোধীয়ে ই ভি এমক লৈ যিধৰণৰ প্ৰচাৰ চলাইছে, তাক সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যিবোৰ দলে নিজকে গণতন্ত্ৰৰ চেম্পিয়ন বুলি ভাবে তেনে দলেই ই ভি এমৰ পৰা ৰক্ষা পাবলৈ ষড়যন্ত্র কৰে। তদুপৰি বিজেপি কর্মীসকলে অহংকাৰ নকৰাকৈ কাম কৰি থাকি জনতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে বুলি কয় প্রধানমন্ত্রীয়ে।