ভাই-ভনীৰ মৰম
কুমুদ চন্দ্ৰ মেধি
আমি দুই ভাই ভনী
একেলগে খাওঁ,
একেখন স্কুলত পঢ়ো
একেলগে যাওঁ।
পিতাই আমাক বুজাই দিয়ে
নজনা পঢ়াখিনি,
দুয়োজনে বুজি লওঁ
নকৰো মুঠে আমনি।
মায়ে দুয়োকে শুৱাই থয়
নিচুকনি গীত গায়,
বাঘ ভালুকৰ সাধু কয়
ভয়তে চকু মুদ খায়।
গধূলি পৰত গোঁসাই ঘৰত
আইতাই চাকি জ্বলায়,
ধূপ-ধূনাৰে সুগন্ধ দিয়ে
ঘৰখন পবিত্ৰ কৰায়।
কাষত বহুৱাই আইতাই আমাক
বৰগীত গাব শিকায়,
দুজনা গুৰুৰ কীৰ্ত্তন ঘোষা
মনে মনে আওৰায়।
আমি সবে আইতাৰ লগত
নিতৌ প্ৰাৰ্থনা কৰোঁ,
নেদেখাজনক সেৱা জনাই
কিতাপৰ পাঠ পঢ়োঁ।