ভন্টী…
প্ৰিন্সিপ্ৰিয়া গগৈ, পঞ্চম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়, টীয়ক,যোৰহাট
মোৰ এজনী ভন্টী আছে
তাইৰ নাম অভিলাষা
তাই খাই ভাল পায়
নিমখত দিয়া শিলিখা।
পঢ়াৰ টেবুলত বহিবলৈ ক’লে
তাই বৰ সেমেনা-সেমেনি কৰে
খেলিবলৈ পালে তাই
ৰঙতে কিৰিলি পাৰে।
গোটেই দিনটো খেলা-ধূলা কৰি
তাই ঘৰলৈ আহে
ভাগৰত তাই পঢ়া টেবুলত বহি
টোপনিয়াই থাকে।