ভক্তিত আছে শক্তি, শান্তি; ভক্তিত আছে মানৱতা,আন্তৰিকতা; ভক্তিতেই আছে সংস্কৃতি, একতা: সর্বানন্দ সোণোৱাল

ভক্তিত আছে শক্তি, শান্তি; ভক্তিত আছে মানৱতা,আন্তৰিকতা; ভক্তিতেই আছে সংস্কৃতি, একতা: সর্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁৱত একাধিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে জ্যেষ্ঠ কেন্দ্রীয় মন্ত্ৰী তথা অসমৰ সাংসদ সর্বানন্দ সোণোৱালে জিলাখনত উপস্থিত হয়। পোনপ্ৰথমে তেওঁ একশৰণ ভাগৱতী সমাজৰ জালুগুটিস্থিত কেন্দ্রীয় কার্যালয় চৌহদত উপস্থিত হৈ একশৰণ ভাগৱতী সমাজৰ প্রতিষ্ঠাপক প্রয়াত ইলাৰাম দাসৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু স্থানীয় থানত সেৱা জনায়। গায়ন-বায়নেৰে আদৰণি অনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুষ্ঠানত উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি ইলাৰাম দাসৰ পৰিয়ালবৰ্গৰ লগতে অঞ্চলটোৰ ভক্তিপ্ৰাণ ৰাইজক দেখা কৰি সৰ্বানন্দ সোণোৱালে বাৰ্তালাপ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে কয়, “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী আচার্য ইলাৰাম দাস বাপে প্রতিষ্ঠা কৰা একশৰণ ভাগৱতী সমাজৰ মৰিগাঁৱৰ জালুগুটিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত আজি উপস্থিত হৈ আপ্‌প্লুত হৈছোঁ। গুৰুজনাৰ মহান আদৰ্শক সাৰোগত কৰি ইলাৰাম দাস বাপে বৈষ্ণৱ সংস্কৃতিৰ নিৰলস সাধনাৰে সমাজৰ আধ্যাত্মিক উৎকৰ্ষ সাধনৰ লগতে সমাজ সংস্কাৰৰ দিশতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। প্রয়াত বাপৰ জীৱনজোৰা সাধনা আৰু আদৰ্শ সদায়েই স্মৰণীয় হৈ ৰ’ব।” লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “ভক্তি অবিহনে আমাৰ জীৱন সাৰ্থক নহয়। ভক্তিমার্গেশান্তি- সম্প্রীতি আৰু আধ্যাত্মিক চেতনাশক্তিৰ সূচনা কৰে। আমি ভক্তিৰসৰ আধাৰত মানৱীয় প্ৰমূল্যবোধৰ ভাবনাৰে এখন আদর্শ সমাজ গঢ় দিব লাগিব। গুৰুজনাৰ আদৰ্শক সাৰথি কৰি ইলাৰাম দাস বাপে এই মহৎ চিন্তা-চেতনাৰে উন্মেষ ঘটাইছিল। এই আদর্শ আমি জীয়াই ৰাখিব লাগিব। নতুন প্রজন্মই আধ্যাত্মিকতা আৰু সংস্কৃতিৰ মহাশক্তিক হৃদয়ংগম কৰি জীৱনপথত বাট বুলিব লাগিব।” এই অনুষ্ঠানত লগতে উপস্থিত আছিল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ শ্রীসুভাষ দত্ত প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল। ইয়াৰ পাছতেই সৰ্বানন্দ সোণোৱাল উপস্থিত হয় মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত চৰাইবাহী ত্রি-বার্ষিক কমিটি ভাওনা মহোৎসৱত।তেওঁক বিপুল হর্ষধ্বনিৰ মাজত গায়ন-বায়নেৰে আদৰি অনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে কয়, “গুৰুজনাৰ অমৰ সৃষ্টি- ভাওনা অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ।ভাওনাই আধ্যাত্মিক, সাংস্কৃতিকভাৱে আমাৰ জাতিটোক চহকী কৰি ৰাখিছে আৰু সমাজক একতাৰ ডোলেৰে বান্ধি ৰাখিছে। মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত চৰাইবাহী ত্রি-বার্ষিক কমিটি ভাওনা মহোৎসৱত অংশগ্ৰহণ কৰি অত্যন্ত আনন্দিত হওঁ। এই ভাওনা মহোৎসৱে ভক্তিৰসৰ মাজেৰে সমন্বয় সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাওনা মহোৎসৱৰ সফলতা আন্তৰিকতাৰে কামনা কৰি উদ্যোক্তাসকলৰ লগতে স্থানীয় ৰাইজৰ ভূমিকাৰ শলাগ লৈছোঁ। ভক্তিত আছে শক্তি, শান্তি; ভক্তিত আছে মানৱতা, আন্তৰিকতা; ভক্তিতেই আছে সংস্কৃতি, একতা। ভক্তিক সাৰথি কৰি গুৰুজনাৰ আদর্শেৰে এখন সৰ্বাংগসুন্দৰ সমাজ গঢ়াৰ দিশত আমি সকলোৱে সমর্পিতভাৱে কাম কৰি যাব লাগিব আৰু এক ইতিবাচক সাংস্কৃতিক আন্দোলন গঢ়ি তুলিব লাগিব। আমি আমাৰ সমৃদ্ধিশালী কৃষ্টি, ঐতিহ্য, সংস্কৃতি,পৰম্পৰাক জীয়াই ৰাখিব লাগিব। এইক্ষেত্ৰত নতুন প্রজন্মই বিশেষকৈ আগভাগ ল’ব লাগিব।” লগতে সোণোৱালে কয়,”মৰিগাঁও বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে পৰিপূৰ্ণ এখন গুৰুত্বপূৰ্ণ জিলা। ইয়াৰ কৃষিখণ্ডৰ লগতে অন্যান্য ক্ষেত্ৰতো বিভিন্ন সুযোগ-সম্ভাৱনা আছে। ইয়াৰ শিপিনীসকলৰো সুনাম আছে। ইতিহাসৰ বিভিন্ন ঘটনাক্ৰমৰ লগতে দেশৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় আন্দোলনতো মৰিগাঁৱৰ ভূমিকা অপৰিসীম। মৰিগাঁৱৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰে অহৰহ্ কাম কৰি আছে। অনাগত দিনত জিলাখন ৰাজ্যৰ এখন আগশাৰীৰ জিলা হিচাপে উজলি উঠিব বুলি মই আশাবাদী।” এই অনুষ্ঠানত লগতে উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক শ্ৰী ৰমাকান্ত দেউৰী, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী দীপাংক কুমাৰ নাথ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী ঋতুপৰ্ণ বৰুৱা, অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত প্রমুখ্যে গুণী-জ্ঞানী ব্যক্তিসকল আৰু জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল।