ভকতিপৰীয়া কবি দুৰ্গেশ্বৰ শইকীয়া অভিনন্দন গ্ৰন্থ উন্মোচন

ভকতিপৰীয়া কবি দুৰ্গেশ্বৰ শইকীয়া অভিনন্দন গ্ৰন্থ উন্মোচন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, পৰিবেশ কৰ্মী, কৃৰ্তী শিক্ষক, ভকতিপৰীয়া কবি খ্যাত দুৰ্গেশ্বৰ শইকীয়া  “সব্যসাচী” নামৰ অভিনন্দন গ্ৰন্থখনি আজি গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উন্মোচন কৰা হয়। প্ৰকাশন গোষ্ঠী “পাহি-পৰী প্ৰকাশ, মাজুলীৰ দ্বাৰা প্ৰকাশিত আৰু  প্ৰকাশন গোষ্ঠীটোৰ দ্বাৰা ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰত  আয়োজিত এখনি সভাত গ্ৰন্থখনি উন্মোচনী কৰা হয়। স্থানীয় ব্যক্তি টংকেশ্বৰ শইকীয়াই এগছি বন্তি প্ৰজ্বলন কৰি মাংগলিক কাৰ্য সমাপন কৰাৰ পিছত সভাখনিৰ শুভ উদ্বোধন কৰে মাজুলী সাহিত্যৰ সভাপতি তথা সাংবাদিক কমল দত্তই। সাহিত্য সংগঠক, কবি, সম্পাদক জয়ন্ত হাজৰিকাই আঁত ধৰা সভাখনিৰ সভাপতিত্ব কৰে জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সমাজকৰ্মী জীৱন চন্দ্ৰ শইকীয়াই। অতিথি সকলক আদৰণি আৰু কিতাপৰ টোপোলাৰে বৰণ কৰাৰ অন্তত সভাখনিৰ আদৰণি ভাষণ আগবঢ়াই গ্ৰন্থখনৰ সম্পাদক জয়ন্ত হাজৰিকাই। ইয়াৰ পিছতে অভিনন্দন গ্ৰন্থখনি শুভ উন্মোচন কৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় সহযোগী অধ্যাপক ডঃ উপেন বৰাই। উন্মোচন ডঃ উপেন বৰাই গ্ৰন্থখনি উন্মোচন কৰি কয় – দুৰ্গেশ্বৰ শইকীয়াৰ সাহিত্যিক, সামাজিক আৰু সাংস্কৃতিক অৱদান সকলোৰে জানে। এনে এজন ব্যক্তিৰ অভিনন্দন গ্ৰন্থ প্ৰণয়ণে সমাজলৈ ইতিবাচক আৰু অনুকৰণীয় বাতাবৰণ কঢ়িয়াই আনিব। গ্ৰন্থখনি উন্মোচনৰ পিছতে নিৰ্দিষ্ট বক্তাৰূপে ভাষণ আগবঢ়ায় তেখেতৰ একালৰ সংগ্ৰামী সতীৰ্থ, ৰঙাচাহী টনুৰাম নাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অমূল্য কুমাৰ নাথে। তেখেতে নিজৰ ভাষণত যোৱা চল্লিশ বছৰ ধৰি দুৰ্গেশ্বৰ শইকীয়াৰ লগত থকা মধুৰ সম্বন্ধ আৰু বিভিন্ন সময়ত ৰূপায়ণ কৰা সামাজিক কাৰ্যাৱলীৰ বৰ্ণনা আগবঢ়ায়। ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুবেট চন্দ্ৰ ঘোষে একালৰ সতীৰ্থ দুৰ্গেশ্বৰ শইকীয়াৰ শিক্ষাদান পদ্ধতি, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগত ৰক্ষা কৰি অহা সম্বন্ধৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।  দুৰ্গেশ্বৰ শইকীয়াই বিভিন্ন সামাজিক-সাংস্কৃতিক আৰু শৈক্ষিক দিশত আগবঢ়োৱা অৱদানৰ কথা  আলোকপাত কৰে ক্ৰমে, ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ বিপুল শইকীয়া, শ্ৰীৰাম বনমালী উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক বিপিন চন্দ্ৰ হাজৰিকা, লেখিকা ৰেণুমালা দত্ত, মাজুলী জিলা সত্ৰ মহাসভাৰ উপ-সভাপতি প্ৰবীন চন্দ্ৰ মহন্ত, নাট্যকাৰ-শিক্ষক অৱনি বৰা, শিক্ষক মুহিন গায়ন, প্ৰবীন সৰকাৰ, স্থানীয় সৰবৰহী ব্যক্তি ভুপেন শইকীয়া, লুইতপৰীয়া জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষক ঋষেশ্বৰ হাজৰিকা, হৰিঘাট ৰাঙলীবাহাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপালী তামুলী বৰাই । ইয়াৰ পিছতে “পাহি-পৰী প্ৰকাশ”ৰ পৰিচালন সঞ্চালিকা কৃষ্ণা মেধিয়ে সব্যসাচী পুৰুষ দুৰ্গেশ্বৰ শইকীয়াক প্ৰকাশনৰ তৰফৰ পৰা এখনি অংগবস্ত্ৰৰে অভিনন্দন জনাই। একে সময়তে তেখেতক একোখন ফুলাম গামোচাৰে অভিনন্দন জনাই ৰেণুমালা দত্ত, প্ৰবীন সৰকাৰ আৰু তেখেতৰ প্ৰাক্তন ছাত্ৰ দিলীপ কুমাৰ কুটুমে। অনুজ ভাতৃপ্ৰতীম তথা জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক গিৰিধৰ শইকীয়াই বিগত সময়ছোৱাত দুৰ্গেশ্বৰ শইকীয়াৰ লগত পাৰ কৰা মধুৰ সম্বন্ধ সম্পৰ্কে নিজৰ একাষাৰ আগবঢ়ায়। সভাখনিত উপস্থিত থকা বহুকেইজন ব্যক্তিয়ে দুৰ্গেশ্বৰ শইকীয়ালৈ অভিনন্দন সূচক বক্তব্য দাঙি ধৰে। অভিনন্দন গ্ৰন্থৰ কেন্দ্ৰবিন্দু দুৰ্গেশ্বৰ শইকীয়াই নিজৰ কৃতজ্ঞতা মূলক বক্তব্য দিবলৈ গৈ ৰাইজৰ এই আদৰ দেখি অভিভূত হোৱাৰ কথা প্ৰকাশ কৰি আবেগিক হৈ পৰে। জীৱনৰ দীৰ্ঘ পৰিক্ৰমাত যি সকল লোকৰ বাবে আজিৰ অৱস্থা লাভ কৰিছে ,  সকলোকে তেখেতে সশ্ৰদ্ধ স্মৰণ কৰে। পাহি-পৰী প্ৰকাশন স্বত্বাধিকাৰী তথা অভিনন্দন গ্ৰন্থখনিৰ সম্পাদক আৰু প্ৰকাশন গোষ্ঠীটোৰ সমূহ কৰ্মকৰ্তাক কৃতজ্ঞতা জ্ঞাপন কৰে। সভাপতি মন্তব্যত জীৱন শইকীয়াই বৃহত্তৰ ভকতিদুৱাৰ অঞ্চলৰ ঐতিহাসিক সমৃদ্ধিময়তাৰ বিষয়ে আলোকপাত কৰি দুৰ্গেশ্বৰ শইকীয়াৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আৰু আদৰ্শৰ বিষয়ে গুৰু-গম্ভীৰ বক্তব্য দাঙি ধৰে। শলাগৰ শৰাই আগবঢ়াই অভিনন্দন গ্ৰন্থৰ সম্পাদক জয়ন্ত হাজৰিকাই কয় – দুৰ্গেশ্বৰ শইকীয়াৰ দৰে  প্ৰতিখন সমাজতে একো একোজন সব্যসাচী আছে আৰু এইসকল জ্ঞানজ্যেষ্ঠ প্ৰাজ্ঞ পুৰুষক আমি জীৱিত কালতে অভিনন্দন জনোৱা উচিত। সৰ্ব শেষত জাতীয় সংগীত পৰিবেশনেৰে সভাখনিৰ সফল সামৰণি পৰে।