বৰ অসমৰ ভেঁটি গঢ়োঁতা-মন্দিতা চেতিয়া গগৈ

বৰ অসমৰ ভেঁটি গঢ়োঁতা

মন্দিতা চেতিয়া গগৈ
ৰাজগড়, ডিব্ৰুগড়

পাটকাইৰ সিপাৰৰপৰা আহিছিল তেওঁ
লগত এমুঠিমান মাথোঁ সহচৰ,
ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক একত্ৰিত কৰি
গঢ়িলে ভেঁটি বৰ অসমৰ।
আকোঁৱালি ল’লে সৰু-বৰ সকলোকে
ভাষা -সংস্কৃতিত একতা আনিলে,
অকল নিজৰটোকে খামুচি নধৰি
অনৈক্যৰ মাজত ঐক্য গঢ়িলে।
মৰাণ, বৰাহী, চুতীয়া, কছাৰী
সকলোকে দিলে সমান সন্মান,
বৈবাহিক সম্পৰ্কৰে মিত্ৰতা কৰিলে
গালে সম্প্ৰীতিৰ ঐক্যতান।
সৌমাৰৰ নানান ঠাইত নগৰ পাতিলে
দিহিঙে- দিপাঙে ঘূৰি ফুৰিলে,
শেষত চৰাইদেউত ৰাজধানী পাতি
আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰিলে।
ছশ বছৰীয়া আহোম ইতিহাসৰ
ধ্বজাবাহক আছিল চুকাফা,
তেওঁৰ দৰে বিচক্ষণ ৰাজনীতিজ্ঞৰ
ক’তো নাই পাবলৈ তুলনা।