বৰ্ষাশ্ৰীৰ বাসভৱনত অসম জাতীয় পৰিষদ, বিনা চৰ্তত মুক্তিৰ দাবী

বৰ্ষাশ্ৰীৰ বাসভৱনত অসম জাতীয় পৰিষদ, বিনা চৰ্তত মুক্তিৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ বাসভৱনত উপস্থিত হয় অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ নেতাসকল৷ যুৱ সংগঠনটোৰ কাৰ্যকৰী সভাপতি পৰীক্ষিত বৰুৱাৰ নেতৃত্বত যোৱা দলটোত আছিল জাতীয় যুৱ শক্তিৰ উপসভাপতি দীজু গগৈ, সম্পাদক স্বাক্ষৰ বৰগোঁহাই আৰু বিত্ত সম্পাদক গৌৰৱ শইকীয়া৷ প্ৰতিনিধি দলটোৱে টিয়ক কটাৰীখাম গাঁৱত থকা বৰ্ষাশ্ৰীৰ বাসভৱনত উপস্থিত হৈ পিতৃ অজিত বুঢ়াগোঁহাইসহ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে আৰু বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী অসম জাতীয় পৰিষদে সজোৰে উত্থাপন কৰি গৈ থাকিব বুলি আশ্বাস দিয়ে৷ ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই বৰ্ষাশ্ৰীক বিনা চৰ্তত মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰে৷ নেতাদ্বয়ে আজি এক বিবৃতিত কয় যে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰাৰ কাৰণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানে দিয়া বক্তব্যৰ সৈতে গোচৰটোৰ (উৰিয়ামঘাট থানা গোচৰ নং ২০/২২) মূল অভিযোগকাৰী যোৰহাট ভকত নখোৱা গাঁৱৰ পংকজ শইকীয়াই দিয়া এজাহাৰত উল্লেখ কৰা বক্তব্যৰ মিল নাই৷ এজাহাৰকাৰীয়ে নিজৰ এজাহাৰত বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে ফেচবুকত আলফাক সমৰ্থন কৰি পোষ্ট লিখি ৰাষ্ট্ৰদ্ৰোহ কৰা বুলি উল্লেখ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে বর্ষাশ্ৰী আলফালৈ যাব খোজা কাৰণেহে গ্ৰেপ্তাৰ কৰা বুলি সদৰী কৰিছিল৷ গতিকে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ বক্তব্যত চৰকাৰ পক্ষৰ দমন নীতি প্ৰতিফলিত হোৱা বুলি গগৈ আৰু ভূঞাই বৰ্ষাশ্ৰীক বিনা চৰ্তত মুক্তি দিয়াৰ দাবী উত্থাপন কৰে৷