বৰ্তমান আমাৰ সমাজখনতো বৃদ্ধাশ্ৰম প্ৰয়োজন  আছে নে ?- অনামিকা (সংগীতা)কলিতা

বৰ্তমান আমাৰ সমাজখনতো বৃদ্ধাশ্ৰম প্ৰয়োজন  আছে নে ?

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

প্ৰযুক্তিবিদ্যাৰ যুগত মানুহে যিদৰে নতুন নতুন  তথ্য আৱিষ্কাৰ কৰিছে।সকলো বিষয়ৰ ঘৰতে বহি জানিব পাৰিছে কিন্তু মানুহৰ মনবোৰ যেন ঠেক হৈ গৈছে। নিজৰ জন্মদাতা বৃদ্ধ  পিতৃ-মাতৃৰ কাষত  বহি এষাৰ মাত কথা কোৱাৰ সময় নাই ।তেখেত সকলৰ বেমাৰ হ’লে গুৰুত্ব  নিদিয়ে ।বহুত পিতৃ-মাতৃৰ চকুৰ কৰুণ চাৱনিত বুজিব পাৰি তেখেত সকলৰ মনৰ বেদনা ।তেনে ক্ষেত্ৰত সেই পিতৃ-মাতৃ সকল বৃদ্ধাশ্ৰমত থাকি বেছি সুখ অনুভৱ কৰিব ।

এজন লেখকৰ এটি লেখাত পঢ়িছিলোঁ, “শুকান পাতবোৰত খুব সাৱধানে খোজ দিবা ময়ো এদিন সেউজীয়া হৈ তোমালোকক ছা দিছিলোঁ” ।

কথাষাৰে হৃদয় স্পৰ্শ কৰিছিল। কাৰণ এহাল পিতৃ-মাতৃয়ে ঘৰখন সদস্য সকলৰ দায়িত্ব আৰু সন্তানৰ সুখৰ কাৰণে যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লগীয়া হয় । যেতিয়া সন্তান সকল উপযুক্ত হৈ নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত হোৱাৰ পিছত তেওঁ লোকৰ নিজস্ব  সংসাৰ এখন পাতনি মেলে ।তেতিয়া সিহঁতে নিজৰ ব্যস্ততাৰ বাবেই হওক বা নিজৰ নতুনকৈ কৰা সংসাৰ খনৰ পৰিয়ালটোৰ দায়িত্ব পালন কৰোতে ,নিজৰ জন্মদাত্ৰী বৃদ্ধ পিতৃ-মাতৃৰ ,ককাঁ আইতাৰ খবৰ ৰাখিবলৈ পাহৰি যায় বা সময় নাপায়।

আগৰ দিনত যৌথ পৰিয়াল ,খুৰা-খুৰী, পেহী ,বৰা মা ইত্যাদিৰ সম্পৰ্কৰ একতাৰ বান্ধোন বৰ্তমান সময়ত নাই ,এতিয়া একক পৰিয়াল।মাক-দেউতাক আৰু সন্তান দুটি বা এটি ।গতিকে এতিয়া মৰম আন্তৰিকতাৰ শব্দবোৰ যেন অনুভৱ নকৰে এনে লাগে ।বৰ্তমান অনুভৱ কৰিছোঁ আগৰ দৰে আজি যুৱ নৱপ্ৰজন্মৰ মাজত সম্পৰ্ক পাৰস্পৰিক শ্ৰদ্ধা আন্তৰিকতা আদি শব্দবোৰ নোহোৱা হৈছে, তেওঁ লোক নিজক লৈ ব্যস্ত। হয়তো ভাৰ্ছুৱেল জগতখনৰ দৰে যুৱক সকলৰ মনবোৰ হৈছে।মাক -দেউতাক ককা -আইতা শব্দহে বুলি অনুভৱ কৰে। কিছুদিনৰ আগতে এটি ঘটনা দেখিছোঁ ,নাতিয়েকে আইতাকক গালি গালাজ এক হুলস্থূলীয়া পৰিৱেশ। দেখি দুখ লাগিল,এইক্ষেত্ৰত অভিভাৱক জগৰীয়া। কাৰণ সিহঁতক সৰুৰে পৰা গঢ় দিওঁতে ,সম্পৰ্ক বোৰৰ প্ৰতি সহানুভুতি মৰম আন্তৰিকতা আদি সাধুকথাৰ মাজেৰে শিকাব লাগিব ।নিজেও তেনে অনুভৱ দাঙি ধৰিব লাগিব।

শেষত বিষয়টোৰ ওপৰত অনুভৱ কৰি কওঁ ,যদি ঘৰখনত সদস্যৰে পৰিপূৰ্ণ কিন্তু বৃদ্ধ পিতৃ-মাতৃক চোৱা সময় নাই ,বা তেওঁ লোকক সংগ দিব নোৱাৰে। তেওঁ লোকৰ সানিধ্যত অকণমান সময় অতিবাহিত নকৰে তেওঁ লোকৰ খবৰ এটা ল’বলৈ সময় নাই, তেতিয়াহ’লে তেনে সন্তানৰ বৃদ্ধ পিতৃ-মাতৃক/ককাঁ আইতাক বৃদ্ধাশ্ৰমত থকাই ভাল !কাৰণ তাত তেখেতসকলে একে বয়সৰ লগ সমনীয়া পা’ব , সুখ -দুখৰ বাৰ্তালাপ কৰিব পাৰিব ,একে লগে সময় অতিবাহিত কৰিব পাৰিব। এনেকুৱা পৰিস্থিতিত বৃদ্ধাশ্ৰমৰ প্ৰয়োজন আছে ।