বৰ্তমানলৈকে লাচিত বৰফুকনৰ ওপৰত প্ৰায় ৫ লাখ লিখনি আৰু গণনা লাভ কৰিছে চৰকাৰে

বৰ্তমানলৈকে লাচিত বৰফুকনৰ ওপৰত প্ৰায় ৫ লাখ লিখনি আৰু গণনা লাভ কৰিছে চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- লাচিত বৰছুকনৰ জন্মজয়ন্তী বিশেষভাৱে উদযাপন কৰিবলৈ অসম চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। আগন্তক ২৪ নৱেম্বৰত বীৰ লাচিতৰ জন্মজয়ন্তী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাতদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰোপৰি দিল্লীটো অনুষ্ঠিত কৰা হ’ব অসম চৰকাৰৰ দ্বাৰা দুদিনীয়া জন্মজয়ন্তী ‘লাচিত দিৱস’। উল্লেখ্য যে, বৰ্তমানলৈকে লাচিত বৰফুকনৰ ওপৰত ৫,৩৭,১৫২ খন লিখনি আৰু গণনা লাভ কৰিছে চৰকাৰে। এই কথা সামাজিক মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনায়। লগতে বীৰ লাচিতৰ ৪০০ তম জন্ম জয়ন্তীৰ এই ঐতিহাসিক অনুষ্ঠানৰ অংশ হোৱাৰ বাবে সকলো অংশগ্ৰহণকাৰীক তেওঁলোকৰ উৎসাহৰ বাবে সকলোকে মুখ্যমন্ত্ৰীয়ে অভিনন্দন জনায়।