বৰপেটা থানৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগত অসম সত্ৰ মহাসভাৰ শোক

Pc the janambhumi

বৰপেটা থানৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগত অসম সত্ৰ মহাসভাৰ শোক

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  উজনিৰ পৰা নামনিলৈ জগত গুৰু শ্ৰীমন্ত শংকৰ দেৱ, মহাপুৰুষ মাধৱ দেৱ আৰু তেৰা সমস্তৰ অনুগামী গুৰুসকলৰ বৈষ্ণৱ পন্থাৰ ধাৰাক ভক্তি প্ৰাণ বৈষ্ণৱ বৃন্দৰ মাজত বিলাই ফুৰা গুৰুজন অৱশেষত পৰ ধামলৈ গতি কৰিলে। উল্লেখযোগ্য যে ঐতিহাসিক শ্ৰীশ্ৰী বৰপেটা থানৰ বুঢ়া সত্ৰীয়া , বৈষ্ণৱ সমাজৰ পূজ্যপাদ সত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তি ,কৃষ্ণানন্দ ব্ৰহ্মচাৰী বটা প্ৰাপক , শ্ৰীমন্ত শঙ্কৰদেৱ বটা বিজয়ী , সত্ৰৰত্ন বশিষ্ঠ দেৱ শৰ্মা প্ৰভুজনাই আজি বিয়লি ইহলোক ত্যাগ কৰি বৈকুণ্ঠ ধামলৈ গতি কৰিলে।তেখেতৰ বিয়োগত অসম সত্ৰ মহাসভাই গভীৰ শোক প্ৰকাশ কৰে আৰু সত্ৰীয়া সংস্কৃতিৰ এজন সুদক্ষ পুৰোধা ব্যক্তি তথা অভিভাৱকক হেৰুৱালো বুলি মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই গভীৰ শোক প্ৰকাশ কৰে।এক শোক বাৰ্তাত বিশিষ্ট বুঢ়া সত্ৰীয়া জনৰ পূণ্যাত্মাৰ সদগতিৰ বাবে পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে অসম সত্ৰ মহাসভাই।