বৰপেটাত দুই লাট মণ্ডলক নিলম্বন

বৰপেটাত দুই লাট মণ্ডলক নিলম্বন

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো কেৰেপ নকৰি লাট মণ্ডলৰ লুণ্ঠনৰাজ।বৰপেটাত বান সাহায্য চুৰিৰ অভিযোগত নিলম্বন দুই লাট মণ্ডল কান্তেশ্বৰ ডেকা আৰু অজিত ডেকা।সৰ্থেবাৰী ৰাজহ চক্ৰত কৰ্মৰত আছিল এই দুয়োগৰাকী মণ্ডল।লাট মণ্ডল দুজনক সোমবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল।চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল দুই মণ্ডল।বন্যাৰ্তৰ সাহায্যৰ বাবে অহা দাইল-চাপৰ লাট মণ্ডলে নিছিল ঘৰলৈ।চাৰি বস্তা দাইল আৰু ৯ বস্তা চাপৰ ঘৰলৈ নিয়াৰ পথত জব্দ কৰিছিল স্থানীয় লোকে।অভিযুক্ত অজিত ডেকাৰ ঘৰ সৰ্থেবাৰীৰ বেঙাপাৰাত আৰু কান্তেশ্বৰ ডেকাৰ ঘৰ ব্যাসকুছিত বুলি জানিব পৰা গৈছে।