বৰপথাৰলৈ ৰিঙিয়াই মাতে – যমুনা দুলু বৈশ্য

Pc Freepik

বৰপথাৰলৈ ৰিঙিয়াই মাতে

 যমুনা দুলু বৈশ্য
শুৱালকুছি

তোৰ উশাহতে আছো যে মই
পাহি মেলি শেৱালিয়েও
শৰৎ অভিমানত ঠেহ পাতে কিয়নো ।

অ” সপোন আহ কিয় ,বাৰে বাৰেনো
অনুভৱ বোৰে জোনাকৰ বুকুত
আজিও বলীয়া কৰে চোন ।

নিচুকাই জোন গ’লা নিশা
জেতুকা বুলীয়া দিনৰ কথা ভাবি
বৰপথাৰলৈ ৰিঙিয়াই মাতে ।

চিনাকী চানেকিৰে অচিনাকি
কিয়নো হোৱা
কাইটে বিন্ধাদি বুকুতে বিন্ধেহি ।