বৰথল কছাৰীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

বৰথল কছাৰীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিগাঁও জিলাৰ লাহৰিঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰথল কছাৰীগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাণিক চন্দ্ৰ দাসৰ ওপৰত অঞ্চলটোৰ অভিবাবক সকলে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছিল।স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ উনিফৰ্ম বিতৰণত জানি শুনি পলম কৰা।স্কুলৰ আন্ত গাথঁনিৰ টকা আত্মহাত কৰাৰ অভিসন্ধি কৰা।মৈদাহ্ন ভোজনত অনিয়ম।পাঠদান চলা সময়ত স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰীক দি বিদ্যালয়ৰ চোতাল সৰা আদি গুৰুতৰ অভিযোগ উথাপিত হৈছিল।আনহাতে কিছুদিন পূৰ্বে বাতৰি সংগ্ৰহ কৰিবলৈ স্কুলত উপস্থিত হোৱা একাংশ সাংবাদিকক কেমেৰাৰ সন্মুখতে উৎকোচ দিয়াৰো চেষ্টা কৰিছিল বিদ্যালয় খনৰ প্ৰধান শিক্ষক মাণিক চন্দ্ৰ দাসে।ঘটনা সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত বাতৰিও পৰিবেশন হৈছিল যদিও আজিলৈকে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত অঞ্চলজুৰি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক স্কুলখনৰ পৰিচালনা সমিতিৰ সভাপতিয়ে অৱগত হোৱাত প্ৰধান শিক্ষক গৰাকীক উক্ত ঘটনা সন্ধৰ্ভত প্ৰশ্ন কৰাৰ উপৰিও পৰিচালনা সমিতিৰ সদস্য সকলৰ লগত আলোচনা মৰ্মে শিক্ষক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস দিছিল কিন্তু ৰহস্যজনক বাবে স্কুল পৰিচালনা সমিতি খন শিক্ষক গৰাকীয়ে কৰ্তৃপক্ষৰ লগত ষড়যন্ত্ৰমূলক বাবে পূৰ্বৰ সমিতি ভংগ কৰি নতুনকৈ সমিতি গঠন কৰাৰ উপৰিও সভাপতি জনৰ অজ্ঞাতে তেওঁৰ নাম পৰিচালনা সমিতিৰ পৰা কৰ্ত্তন কৰে বুলি অভিযোগ উত্থাপিত কৰিছে স্কুল খনৰ প্ৰাক্তন পৰিচালনা সমিতিৰ সভাপতি জাহান উদ্দিনে।দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা শিক্ষক গৰাকীৰ বিৰুদ্ধে তদন্ত ক্ৰমে শিক্ষা বিভাগৰ মুৰব্বীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলৰ সচেতন মহলে।