ব্ৰহ্মপুত্ৰৰ সুঁতিত বুৰিল ছাত্ৰ–ছাত্ৰী কঢ়িয়াই নিয়া নাও

ব্ৰহ্মপুত্ৰৰ সুঁতিত বুৰিল ছাত্ৰ–ছাত্ৰী কঢ়িয়াই নিয়া নাও

ৰঙিলী বাৰ্ত্তাসেৱা- জুৰীয়াৰ সুতিৰপাৰত ভয়ংকৰ নাও দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত আহত হয় কেইবাগৰাকীও বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী৷ টুলুঙা নাৱত বহন ক্ষমতাতকৈ অধিক ছাত্ৰ–ছাত্ৰীক লৈ ব্ৰহ্মপুত্ৰৰ এটি সুতি পাৰ হওঁতেই সুতিৰ মাজত নাওখন হঠাৎ পানীত ডুব যায়৷ দুৰ্ঘটনাত কণ কণ ল’ৰা-ছোৱালী পানীত ডুব যায় যদিও ওচৰৰ ৰাইজে সকলোকে সুকলমে উদ্ধাৰ কৰে৷ দুৰ্ঘটনাৰ ফলত কেইবাগৰাকীও ছাত্ৰী অসুস্থ হয়৷ নাৱৰ মালিকৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ঘটনাস্থলীত সুতিৰপাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷