ব্যতিক্ৰম মাছডোৰ উদ্যোগত আয়োজিত প্রাক শাৰদীয়া দুর্গোৎসবত জবা চক্ৰৱৰ্তীৰ গীত মুকলি 

ব্যতিক্ৰম মাছডোৰ উদ্যোগত আয়োজিত প্রাক শাৰদীয়া দুর্গোৎসবত জবা চক্ৰৱৰ্তীৰ গীত মুকলি 

‘ৰত্নধাৰিণী মা’ সম্মানে সম্মানিত কৰা হল অৰুণা দেৱীক 

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছডোৰ দশম তম প্রাক দুর্গোৎসব উদযাপনৰ কৰে ৫ অক্টোবৰ সন্ধিয়া বজাত মাছখোৱা স্থিত প্ৰাগজ্যোতিষ আই টি এ প্রেক্ষাগৃহত। 

অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল অৱসৰপ্ৰাপ্ত প্ৰফেছাৰ তথা ব্যতিক্ৰম জীৱন জোৰা সাধনা বঁটা প্ৰাপ্ত লেখক ড° জীৱন নাথ, বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকা, প্ৰাক্তন সংসদ সদস্য দীপক কুমাৰ দাস, বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড° পৰিতোষ চক্রবর্তী, আয়ুক্ত তথা সচিব আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ কৃষ্ণা বৰুৱা, সমাজসেৱক লুকী চক্ৰবৰ্তী, বিশিষ্ট সমাজকর্মী বুজি জৈন, জ্যেষ্ঠ সুৰকাৰ ৰমেন চৌধুৰী, লেখক নিশুতি মজুমদাৰ, কবি সঞ্জয় চক্ৰৱৰ্তী প্রমুখ। 

অনুষ্ঠানৰ আৰম্ভণিতে আমন্ত্ৰীয় অতিথিৰ দ্বাৰা বন্তি প্ৰজ্জ্বলন কৰি দৰ্শকৰ মাজত মুকলি কৰি দিয়ে জবা চক্ৰৱৰ্তীৰ নিবেদিত সম্পূর্ণ শুদ্ধ ৰূপত আৰু নতুন সাজত গোৱালপাৰীয়া কোচ ৰাজবংশীয় লোকগীত, কাতি পূজাৰ গীতিৰ ভিডিও আৰু অ’ডিওগীতটো ৰাইজৰ মাজত আগবঢ়াই গায়িকা জবা চক্ৰৱৰ্তী কয় যে, পশ্চিম অসমৰ অবিভক্ত গোৱালপাৰ জিলাৰ দেশী গান বা গোৱালপৰীয়া লোকগীতৰ অংশ হৈছে কাতি পূজাৰ গীত। এই গীতটি সম্পূৰ্ণ শুদ্ধ ৰূপত স্বকীয়তা বজাই ৰাখি এই গীতটো পূৰ্ণাংগ দৃশ্যৰ সৈতে শাৰদীয় দুর্গা উৎসৱৰ প্ৰাক মূহুৰ্তত শ্রোতা দর্শক মাজলৈ ম‍ই আগবঢ়ায় দিছোঁ”। 

গীত মুকলি কৰা পিছতে এটি সংস্কৃতিক অনুষ্ঠানৰও আয়োজন কৰে য’ত অংশগ্ৰহণ কৰে নিত্যশ্রী নৃত্য একাডেমী, বহুমুখী প্রতিভা, স্বৰলিপি, গুলমোহৰ নৃত্য একাডেমী, আদ্রিকা কৰ, তনিশা দত্ত,অন্তৰা পাল, জবা চক্ৰৱৰ্তী, দেষ্টিনেছন ষ্টুডিঅ’ প্ৰমুখ । 

দূৰ্গা পূজাৰ প্ৰাক্ মূহুৰ্তত বিশেষ ভাৱে সম্মান জনোৱা হ’ল অৰুণা দেৱী আৰু আল্পনা ব্যানার্জি–ক। সহনশীলতা, ধৈর্য, ত্যাগ আদি গুণেৰে এটা পৰিয়ালক গঢ়াত সমাজত নাৰীৰ এক বিশেষ ভূমিকা আছে। ধাৰাবাহিক ভাৱে চলি থকা সাধাৰণ জীৱন যাপন কৰি এগৰাকী নাৰীৰ আদৰ্শ আৰু মমতাৰে এটা সুস্থ পৰিয়াল গঢ়াৰ লগতে এখন সমাজ গঢ়াত আগ্রহী ভূমিকা পালন কৰেনাৰীৰ কৰনিয়ক খিনিক সম্মান জনাই ব্যতিক্রমে এই মঞ্চত দুগৰাকী নাৰীক ‘ৰত্নধাৰিণী বঁটাপ্ৰদান কৰে। 

অনুষ্ঠানত উপস্থিত হৈ আয়ুক্ত তথা সচিব আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ কৃষ্ণা বৰুৱা-য় ব্যতিক্ৰম ধাৰাবাহিক ভাৱে নাৰী সুৰক্ষা আৰু উন্নয়নৰ উদেশ্যৰে যি সজাগতা কাৰ্যসূচী হাতত লৈ আহিছে তাৰ সলাগ লয় আৰু তেওঁৰ মাতৃ প্রয়াত সমাজকৰ্মী বন্দনা বৰুৱা সোঁৱৰণীত আর্থিক সহযোগিতা আগবঢ়াইব্যতিক্ৰম-ৰ জড়িয়তে সমাজত নিস্বার্থ ভাৱে কাম কৰা এগৰাকীকৈ মহিলাক প্ৰতি বৰ্ষতে তেওঁৰ মাতৃৰ সোঁৱৰনীত জীৱন জোৰা সাধনা বঁটাপ্ৰদান কৰা হ’ব। 

সংগীতশিল্পী মনীষা হাজৰিকা কয় যে, ব্যতিক্ৰমৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সুখি অনুভব কৰিছোঁদেবী দুর্গাক আমি নাৰী শক্তি হিচাপে পূজা কৰো, তেনে এক শুভ মুহূৰ্তত ব্যতিক্ৰমে দুগৰাকীকৈ নাৰীক ‘ৰত্ন ধাৰিণী মা’ সম্মান জনাইছে তাতকৈ ভাল লগা কথা আৰু বেলেগ হ’ব নোৱাৰে। মোৰ ফালৰ পৰা দুগৰাকীলৈ শুভেচ্ছা জনাইছোঁ” 

অনুষ্ঠানটিৰ সন্দৰ্ভত ব্যতিক্রমৰ সভাপতি ড° সৌমেন ভাৰতীয়াই কয়, “আমি উদযাপন কৰা প্ৰতিটো উৎসৱেই নতুন কামৰ উৎসাহ যোগাই। যোৱা দহটা বছৰ ধৰি আমি প্ৰতিটো উৎসৱ পাবনৰ প্রাক মুহূৰ্তত উদযাপন কৰি আহিছোঁ ৷ আমাৰ প্ৰতিটো অনুষ্ঠানে ৰাইজৰ মাজলৈ নতুনত্ব কঢ়িয়াই আনেশাৰদীয়া দুর্গোৎসব এইবাৰ আমি এটি নতুন চিন্তাৰ এটা কোচ ৰাজবংশীয় লোকগীত কাতি পূজাৰ গীতি এটি আপোনালোক আগবঢ়াইছো । আমি আশাবাদী যে ৰাইজে গীতটো আকোঁৱালি ল’ৱ