ব্যতিক্ৰমী শিশু আৰু সমাজ – বন্দিতা শৰ্মা কন্দলি

Pc Freepik

ব্যতিক্ৰমী শিশু আৰু সমাজ

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

শিশু সকল হৈছে দেশৰ ভৱিষ্যত। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশে এজন শিশুক সুনাগৰিক কৰি গঢ়ি তোলাত সহায় কৰে। এইখিনিতে প্ৰশ্ন হয় আমাৰ সমাজৰ সকলো শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ একেদৰে একে সময়তে হয় নে? নিশ্চয় নহয়! কোনো কোনো ক্ষেত্ৰত কিছুমান কাৰকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশক বাধা দিয়ে। আজিৰ আলোচনাত স্বাভাৱিক বিকাশত বাধা প্ৰদান কৰা এটা পৰিঘটনাৰ কথা ক’ব বিচাৰিছোঁ। যিটো পৰিঘটনাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘ডাউন চিন্দ্ৰম ‘ নামেৰে নামাকৰণ কৰিছে। অৱশ্যে এই নামাকৰণ এজন ইংৰাজ চিকিৎসক John Langden Down ৰ নামেৰেহে কৰা হৈছিল। চিকিৎসক ডাউনে ১৮৬২ চনত মানসিক ভাৱে বাধাগ্ৰস্থ শিশুৰ লগত ক্ৰম’জ’মৰ বিসংগতিৰ বাবে হোৱা অস্বাভাৱিকতা একে নহয় বুলি নিশ্চিত কৰিছিল। এই শিশুৰ চেহেৰা মংগোলীয় লোকসকলৰ লগত মিলা বাবে ‘মংগোলয়ড’ নাম দিছিল। ১৯৭০ চনত জাতিগত নাম এৰি তেওঁৰ সন্মানাৰ্থে ডাউন চিন্দ্ৰম ৰখা হয়।

ডাউন চিন্দ্ৰম এবিধ বেমাৰ বা ৰোগ নহয়।ই এনে এক পৰিঘটনা যাৰ ফলত এটা শিশুৰ ব্যক্তিত্বত বিশেষ ধৰণৰ মানসিক আৰু শাৰীৰিক ভাবভংগী প্ৰকাশ পায়। কেতিয়াবা এনে ভাব ভংগী মৃদু আৰু কেতিয়াবা তীব্ৰ হোৱা দেখা যায়। মানসিক আৰু শাৰীৰিক বিকাশৰ গতি মন্থৰ হৈ পৰে। তেতিয়াই এই শ্ৰেণীৰ শিশুসকল স্বাভাৱিক শিশুতকৈ কিছু ব্যতিক্ৰম হৈ পৰে। সাধাৰণতে মানুহৰ দেহৰ প্ৰতিটো কোষৰ কোষকেন্দ্ৰত ২৩ যোৰ বা ৪৬ ডাল ক্ৰম’জ’ম থাকে। কিন্তু কিছু কিছু শিশুৰ ক্ষেত্ৰত মাতৃগৰ্ভত সৃষ্টি হোৱা এক শাৰীৰিক বিপাকৰ ফলত শিশুটিয়ে এডাল ক্ৰম’জ’ম বেছিকৈ অৰ্থাৎ ৪৭ ডাল ক্ৰম’জ’ম লৈ জন্ম গ্ৰহণ কৰে। এই অতিৰিক্ত ক্ৰম’জ’ম ডাল থাকে ২১ নম্বৰ যোৰাৰ লগত লগ হৈ দুডালৰ ঠাইত তিনিডাল হৈ পৰে। অতিৰিক্ত ক্ৰম’জ’ম ডালেই শিশুৰ স্বাভাৱিক বিকাশত বাধা দিয়ে। চিকিৎসা বিজ্ঞানৰ মতে ” পিতৃ -মাতৃৰ পৰা অহা দুটা জনন কোষ দুয়ো দুয়োতে সমাহিত হোৱাৰ সময়তেই ১৪ আৰু ২১ নম্বৰ ক্ৰম’জ’ম দুডালৰ বিচ্ছেদ নঘটি বান্ধ খাই থকাৰ ফলশ্ৰুতিত সন্তানৰ জন্মৰ পিছত কিছু অস্বাভাৱিক শাৰীৰিক আৰু মানসিক অৱস্থাপ্ৰাপ্ত হয়”। মাতৃগৰ্ভত সৃষ্টি হোৱা এই দুৰ্ঘটনাটোৰ কাৰণ আজি পৰ্যন্ত বিজ্ঞানে দিব পৰা নাই। কেৱল মাতৃৰ বয়স ৩৫ বছৰতকৈ বেছি হ’লে ডাউন চিন্দ্ৰম থকা শিশুৰ জন্ম হোৱাৰ সম্ভাৱনা থাকে বুলি বিজ্ঞানে কৈছে যদিও ই সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়।

যিকিনহওক ডাউন চিন্দ্ৰম থকা শিশু সকল দুৰ্ভগীয়া নেকি? নে অভিভাৱক সকল? আমাৰ দৃষ্টিত সেইসকল অভিভাৱক সৌভাগ্যৱান। কিয়নো তেওঁলোকে আন এখন জগতৰ শিশুৰ লগত জড়িত। তেতিয়া হ’লে এনে সন্তানক অভিভাৱক সকলে কেনেদৰে আগুৱাই নিব? প্ৰথমে ক’বলৈ গ’লে অভিভাৱক সকলৰ ধৈৰ্য লাগিব। আশাবাদী হ’ব লাগিব। সন্তানটোৰ সমস্যা সমুহৰ লগত একাত্ম হৈ মানি ল’ব লাগিব।আন শিশুৰ সৈতে তুলনা কৰিব নালাগিব।বন্ধ কোঠাত আবদ্ধ নকৰি মুকলি মনেৰে থাকিবলৈ সুবিধা প্ৰদান কৰিব লাগিব।সম্ভব হ’লে সামাজিক অনুষ্ঠানত জড়িত কৰাব লাগে।যিহেতু সেই সকল শিশুৰ বুদ্ধিমত্তাৰ বিসংগতি থাকিব পাৰে বা থাকে সেয়ে শিক্ষাৰ ক্ষেত্ৰত বিশেষ প্ৰয়োজনীয় শিক্ষা বা বিশেষ কৌশল প্ৰয়োগ কৰিব লগাত পৰে। শিশুটিক সদায় উৎসাহিত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। বৰ্তমান এনে শিশুক বিশেষভাৱে সক্ষম শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে। গতিকে এই সক‌ল অক্ষম নহয়। একোটা বিশেষ বিষয়ত পাৰদৰ্শিতা দেখুওৱা পৰা সামৰ্থ্য থাকে। সেয়ে অভিভাৱকৰ প্ৰধান কৰ্তব্য হৈছে সন্তানৰ সক্ষমতা টো বিচাৰি উলিওৱা। প্ৰয়োজন সাপেক্ষে বৰ্তমান জনপ্ৰিয় হৈ পৰা DMIT অৰ্থাৎ Dermatoglyphics Multiple Intelligent Test কৰাই সন্তানৰ সক্ষমতা টো বিচাৰি উলিয়াব পাৰি। মুঠতে যিকোনো প্ৰকাৰে এনে সন্তানক নিজৰ ভৰি থিয় দিব পৰা কৰিবলৈ চেষ্টা কৰাৰ ক্ৰুটি কৰিব নালাগে।

এনে শিশু সকল মৰম আকলুৱা হয়। তেওঁলোকে নিজেও আনক মৰম কৰে আৰু সেইদৰে আনৰ পৰাও মৰম বিচাৰে। সেয়ে এনে শিশু ক খং নকৰি মৰমেৰে বুজাব লাগে।ডাউন চিন্দ্ৰম থকা শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম। সেয়ে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সচেতন হোৱা দৰকাৰ।

এনে শিশুৰ প্ৰতি সমাজখন কেনেদৰে দায়ৱদ্ধ হ’ব? সমাজে তেওঁলোকক অৱহেলা কৰিব নালাগিব। তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্টক লৈ উপলুঙা, ঠাট্টা মস্কৰা কৰিব নালাগিব । সমাজৰ তেনে ব্যক্তিৰ পৰা সন্তানক আঁতৰাই ৰাখিব লাগে। এই সকল সন্তানকো আন সকলৰ লগত একে বিদ্যালয়ত পঢ়াব লাগে।লগৰ আন আন বন্ধু বান্ধৱীৰ পৰা এনে শিশুৱে বহু কথা আয়ত্ব কৰিব পাৰে। সদৌ শেষত এনে শিশু যাতে কাৰো পুতৌপাত্ৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সহমৰ্মিতাৰে হাতে হাত ধৰি আগুৱাই যোৱাত সহায়ৰ হাত আগবঢ়াব লাগে।