ব্যক্তিগত বিত্তীয় অনুশাসনঃ সুখী জীৱনৰ আধাৰ
ভবেন দেউৰী আৰু অনিৰ্বাণ দাস অসম চৰকাৰৰ বিভাগ এটাৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী । দুয়োজনৰ দৰমহা একে। দুয়োজন অবিবাহিত। অনিৰ্বাণ দাস এজন মিতব্যয়ী লোক। লগৰ বন্ধুবোৰে তেওঁক কৃপণ বুলি হাঁহে । তেওঁৰ কিছুমান ব্যক্তিগত বিত্তীয় লক্ষ্য আছে। যধে মধে টকা পইছা কৰিলে তেওঁ বিত্তীয় লক্ষ্য সাধনত বিফল হব বুলি ভাবে। দেখাক দেখি কিবা এটা কৰাৰ মানসিকতা তেওঁৰ নাই। পইচা খৰচ কৰাৰ সময়ত তেওঁ দুবাৰ ভাবি খৰচ কৰে। কষ্ট কৰি উপাৰ্জন কৰা পইছাখিনি তেওঁ অকাৰণত খৰচ কৰাৰ কথা ভাবিবই নোৱাৰে।
ভবেন দেউৰীৰ অৱস্থান সম্পূৰ্ণ বিপৰীত মেৰুত। স্বভাৱতেই ভলভলীয়া আৰু বন্ধুবৰ্গেৰে পৰিৱেষ্টিত হৈ থাকিব খোজা দেউৰীয়ে মাহে পষেকে বন্ধুবৰ্গৰ লগত পাৰ্টিত ভাগ লয়। সহজতে বিত্তীয় সংস্থাৰ পৰা ঋণ পাই তেওঁ বুলেট এখন কিনিছে। গতিকে অফিচ বন্ধ থাকিলে তেওঁৰ ফুৰিবলৈ বৰ সুবিধা হয়। যিহেতু অবিবাহিত , আৰ্থিক বোজাও নাই । কাইলৈ কি হ’ব – ভাবিবৰ তেওঁৰ আহৰি নাই। মাহেকত পোৱা দৰমহাখিনি ৰং ৰহইচৰ মাজত পাৰ কৰিবৰ বাবে যথেষ্ট। বাহ্যিক দৃষ্টিত তেওঁ এজন সুখী মানুহ, বন্ধুবৰ্গৰ মাজতো তেওঁ জনপ্ৰিয়। কোনোবাই তেওঁক কৃপণ বুলি ক’ব – তাৰো কোনো সম্ভাৱনা নাই। তেওঁ তেওঁৰ বৰ্ত্তমান লৈয়ে ব্যস্ত । তেওঁৰ ভৱিষ্যদৰ্শী কোনো লক্ষ্য নাই।
বিত্তীয় অনুশাসনৰ প্ৰথম চৰ্ত্তটোৱে হ’ল- ভৱিষ্যমুখী চিন্তা। মানুহৰ যিকোনো ব্যক্তিগত লক্ষ্য সাধনত অৰ্থই এটা ডাঙৰ ভূমিকা পালন কৰে। তদুপৰি আমাৰ জীৱনৰ বিভিন্ন স্তৰত আৰ্থিক প্ৰয়োজনবোৰো বেলেগ বেলেগ হয়। ভৱিষ্যতে আহিব পৰা আৰ্থিক প্ৰয়োজনসমূহৰ প্ৰতি সজাগ হলে এজন ব্যক্তিয়ে টকা পইচাৰ ক্ষেত্ৰত অনুশাসনশীল হবলৈ বাধ্য হয়। আমি উদাহৰণ হিচাবে লোৱা অনিৰ্বাণ দাস নামৰ ব্যক্তিজন ভৱিষ্যতে আহিব পৰা আৰ্থিক প্ৰয়োজন সম্পৰ্কে সজাগ। সেই প্ৰয়োজনবিলাক কেনেকৈ পূৰণ কৰিব সেই বিষয়ে তেওঁ পৰিকল্পনা কৰি থৈছে। তেওঁৰ লক্ষ্য স্থিৰ। গতিকে আৰ্থিক কাৰণত তেওঁ ভৱিষ্যতে বিপদত পৰাৰ সম্ভাৱনাও কম।
আধুনিক জীৱন যাত্ৰাত যিকোনো মধ্যবিত্ত পৰিয়ালৰ বিত্তীয় প্ৰত্যাহ্বান সমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি –
১) আকস্মিক বিপদৰ মুখামুখি হ’ব লাগিলে কি কৰিম ? – মানুহে কেতিয়াবা নভবা নিচিন্তাকৈ হঠাৎ অহা আৰ্থিক দূৰ্যোগৰ সন্মূখীন হ’বলগীয়া হয়। উদাহৰণস্বৰূপে কৰোনা মহামাৰীয়ে স্বচ্ছল ভাৱে ব্যৱসায় বাণিজ্য কৰি থকা মানুহৰ জীৱনলৈ হঠাৎ ভাবুকি কঢ়িয়াই আনিছে । বহুতো লোকৰ ব্যৱসায় বাণিজ্য বন্ধ হৈ গৈছে। ব্যক্তিগত উদ্যোগত কাম কৰা বহুতো কৰ্মচাৰীয়ে সংস্থাপন হেৰুৱাব লগা হৈছে। মানুহে এটা সংস্থাপন হেৰুওৱাৰ পাছত আন এটা সংস্থাপন পাবলৈ কেইবামাহো অপেক্ষা কৰিবলগীয়া হ’ব পাৰে। ঠিক তেনেকৈ আৰ্থিক দুৰ্যোগৰ সন্মুখীন হোৱা ব্যৱসায় এখন পুনৰ ঠন ধৰি উঠিবলৈ কেইবামাহৰ প্ৰয়োজন হ’ব পাৰে। এনেকুৱা দুৰ্য্যোগৰ সময়ত আমাৰ দৈনিক আয়ৰ পথ বন্ধ হোৱাৰ পাছতো যাতে পৰিয়ালৰ ন্যূনতম প্ৰয়োজন বিলাক পূৰাই ৰাখিব পাৰি তাৰ ব্যৱস্থা আগতীয়াকৈ কৰি থোৱাৰ প্ৰচেষ্টা হাতত লোৱা উচিত। গতিকে ভাল দিনত আমাৰ দৈনিক বা মাহেকীয়া আয়ৰ এটা অংশ সাঁচি থব লাগে। ব্যক্তি বা পৰিয়াল অনুসৰি এই ধনৰ পৰিমান বেলেগ বেলেগ হ’ব পাৰে। সাধাৰণতে যিকোনো পৰিয়ালৰ হাতত ছয়মাহৰ ন্যূনতম খৰচ পাতিৰ জোৰা মাৰিবলৈ ধন জমা থাকিলে তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি ধৰি লব পাৰি।
২ ) আকস্মিকভাৱে চিকিৎসাধীন হ’ব লাগিলে কি কৰিম ? – আধুনিক যুগত চিকিৎসা সেৱা এটা ব্যয়বহুল ব্যৱস্থা। কোনো পূৰ্বাভাস নিদিয়াকৈ কোনো গুৰুতৰ ৰোগে এজন মানুহক জুৰুলা কৰিব পাৰে। পৰিয়ালৰ যিকোনো সদস্যই কোনো গুৰুতৰ ৰোগৰ চিকাৰ হলে গোটেই পৰিয়ালটোৰ আৰ্থিক ভেটি থৰক বৰক হৈ পৰে। কিবা কাৰণত ঘৰৰ উপাৰ্জনকাৰী ব্যক্তিজন ৰোগাক্ৰান্ত হলে ই পৰিয়ালটোৰ বাবে এটা ভয়াবহ সমস্যা হৈ পৰে। এখন কল্যাণকামী ৰাষ্ট্ৰৰ জনসাধাৰণক সুলভ স্বাস্থ্য সেৱা আগবঢ়োৱাতো ৰাষ্ট্ৰৰ এটা প্ৰাথমিক দ্বায়িত্ব। কিন্তু আমাৰ দেশত চৰকাৰী খণ্ডৰ স্বাস্থ্য সেৱাই জনসাধাৰণক পৰ্য্যাপ্ত ধৰণৰ সেৱা আগবঢ়াব পৰা নাই। সেইকাৰণে জনসাধাৰণে কোনো গুৰুতৰ ৰোগৰ বলি হলে চিকিৎসাৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ফালে আগবাঢ়ে । এই গোটেই প্ৰক্ৰিয়াটো যথেষ্ট ব্যয়বহুল। এনেকুৱা জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে স্বাস্থ্য বীমা অতি প্ৰয়োজনীয়। বাৰ্ষিক এক নিৰ্দিষ্ট পৰিমাণৰ প্ৰিমিয়াম দি নিজৰ পৰিয়ালক যিকোনো ব্যয়বহুল চিকিৎসাৰ বাবে সাজু কৰি ৰাখিব পাৰি।
৩) মই নাথাকিলে মোৰ পৰিয়ালটোৰ কি হ’ব ? – এনেকুৱা চিন্তা এটা পৰিয়ালৰ উপাৰ্জনকাৰী সদস্য জনৰ মনত উদয় হোৱাতো তেনেই স্বাভাৱিক কথা। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনৰ আকস্মিক বিয়োগত পৰিয়াল একোটা আৰ্থিক বিপৰ্যয়ৰ সন্মুখীন হোৱা ঘটনা আমি আমাৰ সমাজত প্ৰায়ে দেখি থাকো। অপ্ৰত্যাশিত ঘটনাচক্ৰত কোনো পৰিয়ালে যাতে গভীৰ আৰ্থিক সংকটৰ সন্মুখীন নহয় তাৰ ব্যৱস্থা কৰাতো পৰিয়ালটোৰ উপাৰ্জনক্ষম সদস্যজনৰ এটা নৈতিক দ্বায়িত্ব। এই দ্বায়িত্ব দুগুনে বাঢ়ে যদিহে উপাৰ্জনক্ষম সদস্যজন ঋণগ্ৰস্ত হয়।
যিকোনো ব্যক্তিয়ে জীৱনত উপাৰ্জন কৰিব পৰা হোৱাৰ লগে লগে জীৱনবীমাৰ বিষয়ে ভৱা উচিত। পৰম্পৰাগত জীৱনবীমাৰ আঁচনি বিলাকতকৈ কালগত আঁচনি ( term policy) বেছি উপযোগী যেন লাগে। কালগত আঁচনিৰ কিস্তিৰ পৰিমাণ কম হয় আৰু সেইকাৰণে বৃহৎ বীমাৰাশিৰ কালগত আঁচনিভুক্ত হবলৈ বিশেষ অসুবিধা নহয়। জীৱন বীমা কৰিবৰ সময়ত নিজৰ শাৰিৰীক অৱস্থা ( পূৰ্বৱৰ্ত্তী অসুখ সম্বন্ধীয়) বা ব্যক্তিগত অভ্যাস ( মদ খোৱা বা চিগাৰেট খোৱা) সম্পৰ্কে সঠিক বিৱৰণ দিয়াতো অতি প্ৰয়োজনীয় ; নহলে কিবা কাৰণত পাছৰ পৰ্যায়ত কোনো আঁচনি নিস্পত্তি কৰিবলগীয়া হলে তথ্য গাপ দিয়াৰ অভিযোগত বীমা কোম্পানীয়ে আঁচনি নিস্পত্তি কৰিবৰ বাবে সন্মত নহব পাৰে।
৪) বৃদ্ধ কালৰ বাবে টকা সাঁচিম নে ?- আমাৰ দেশৰ মানুহৰ বৰ্ত্তমান সময়ত গড় আয়ুস ৬৮ বছৰ। ভৱিষ্যতে ই নিসন্দেহে বাঢ়িব । তাৰ মানে আমি জীৱনৰ কৰ্মক্ষম দিনকেইটা অতিবাহিত কৰাৰ পাছতো এটা দীঘলীয়া অৱসৰী জীৱন কটাবলৈ সাজু হৈ থাকিব লাগিব।চৰকাৰী কৰ্মচাৰী সকলৰ পেঞ্চন নীতি চৰকাৰে আজিকালি পৰিৱৰ্ত্তন কৰিছে। তদুপৰি বৃহৎ সংখ্যক লোক আজি কালি বেচৰকাৰী খণ্ডত কৰ্মৰত । গতিকে বৃদ্ধকালৰ আৰ্থিক সুস্থিৰতাৰ নিশ্চয়তাৰ বাবে কৰ্মক্ষম দিনবোৰতেই ধন আমি সাঁচিব লাগিব।আমাৰ জীৱন কালত যিমান দিন আগতে আমি ধন সাঁচিবলৈ আৰম্ভ কৰিম , সিমানে এক টনকিয়াল পুজি তৈয়াৰ কৰা আমাৰ বাবে সম্ভৱ হ’ব।
এতিয়া প্ৰশ্ন হ’ল – আমি সাঁচতীয়া ধন ক’ত ৰাখিম ? দীঘলীয়া সময়ৰ বাবে সাঁচিবলৈ আমি পি পি এফ একাউণ্ট খুলিব পাৰো। নিজৰ কন্যা সন্তান থাকিলে সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পাৰো। এইবিলাক একাউণ্টত নিৰ্দিষ্ট হাৰত সূত পোৱা যায়। আৰু দীঘলীয়া সময়ত পোৱা সূতত কোনো আয়কৰো দিব নালাগে।
দীঘলীয়া সময়ৰ বাবে আমি মিউচিয়েল ফাণ্ডতো পইছা জমা ৰাখিব পাৰো। মিউচিয়েল ফাণ্ডত পইছা জমা থলে বেছিকৈ আয় হোৱাৰ সম্ভাৱনা থাকে। কিন্তু এই ক্ষেত্ৰত কোনটো আঁচনিত কিমান দিনৰ বাবে ধন জমা ৰখা উচিত – এইটো এটা অধ্যয়ন কৰিবলগীয়া বিষয়।
আত্মসংযমে জীৱনক সুশৃংখল কৰে। সুশৃংখল জীৱনেই সুখী জীৱনৰ প্ৰধান চৰ্ত্ত। আত্মসংযমী মানুহ এজনৰ প্ৰতিটো ব্যক্তিগত কাম কাজ আৰু সামাজিক আচাৰ ব্যৱহাৰত তেওঁৰ আত্মসংযমী মনৰ প্ৰকাশ ঘটে। এজন লোকৰ আৰ্থিক ব্যৱহাৰ তেওঁৰ সমগ্ৰ ব্যক্তিসত্বাৰ এটা অন্যতম অভিব্যক্তি । যদি এজন মানুহৰ আৰ্থিক ব্যৱহাৰ সন্তোষজনক হয়, আমি ধৰি লব পাৰো যে ব্যক্তি হিচাবেও তেওঁ এজন আদৰ্শ ব্যক্তি। আহক আমি আমাৰ জীৱনত সঠিক বিত্তীয় অনুশাসন মানি চলো। আৰু তাৰ মাজেৰেই সৃষ্টি কৰো একোজন সুখী ব্যক্তি, একোটা সুখী পৰিয়াল আৰু একোখন সুখী সমাজ।