বোৱাৰীৰ সৈতে প্ৰেমত হাবুডুবু শহুৰৰ

Pc Time8 Assam News

বোৱাৰীৰ সৈতে প্ৰেমত হাবুডুবু শহুৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰেমে নামানে বয়স।কিন্তু এতিয়া প্ৰেমে নামানে সম্পৰ্কও।৬২ বছৰীয়া শহুৰ বিজয় ডেকা আৰু ৩৫ বছৰীয়া বোৱাৰীৰ প্ৰেম কাহিনী পোহৰলৈ আহিছে৷ বোৱাৰীৰ সৈতে গভীৰ প্ৰেমত মত্ত হৈ প্ৰেমৰ সাগৰত হাবু ডুবু খাইছে শহুৰেক বিজয় ডেকাই।এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰত।জানিব পৰা মতে কামপুৰৰ ৬২ বছৰীয়া শহুৰ বিজয় ডেকাৰ বোৱাৰীৰ সৈতে প্ৰেম আছে।এই কথা বিজয় ডেকাই কেমেৰাৰ সন্মুখতে স্বীকাৰ কৰিছে।৫ বছৰে ধৰি শহুৰ-বোৱাৰীৰ চলিল প্ৰেমলীলা।সাত বছৰৰ পূৰ্বে মৃত্যু ঘটিছিল বিজয় ডেকাৰ পুত্ৰৰ।পত্নীক এৰি বোৱাৰীৰ প্ৰেমত মচগুল হোৱাত ঘৰখনত সদায় চলে কুৰুক্ষেত্ৰ ।অভিযোগ অনুসৰি বিজয় ডেকাই বোৱাৰীৰ বাবেই পত্নী আৰু জীয়ৰীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলায়৷কিন্তু বোৱাৰীৰ লগত প্ৰেম কৰি বিপদত ৬২ বছৰীয়া শহুৰ।উত্তেজিত ৰাইজে শহুৰ আৰু বোৱাৰীক গতালে আৰক্ষীক।বিজয় ডেকাৰ পত্নীৰ এজাহাৰৰ ভিত্তিত শহুৰ আৰু প্ৰেমিকা বোৱাৰীক কঠিয়াতলী আৰক্ষীয়ে আটক কৰে।