বোকাখাতত প্ৰদ্যুত মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকী স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন

বোকাখাতত প্ৰদ্যুত মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকী স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন

মৃদুস্মিতা শৰ্মা, বোকাখাত, ৰঙিলী বাৰ্ত্তাসেৱা- ‘সাংবাদিকতাৰ বাবে আত্মবিশ্বাস আৰু ইচ্ছাশক্তি মূল’-বোকাখাতৰ বৈদ্যুতিন মাধ্যমৰ অন্যতম বাটকটীয়া সাংবাদিক প্ৰদ্যুত মহন্তৰ প্ৰথম মৃত্যু বাৰ্ষিকী স্মাৰক বক্তৃতা (Pradyut Mahanta’s first death anniversary commemorative speech) অনুষ্ঠানত আজি বোকাখাত জে ডি এচ জি মহাবিদ্যালয় ভৱনত অনুষ্ঠিত বৃত্তিগতভাৱে সাংবাদিকতাক গ্ৰহণ কৰাৰ বিষয়ক অনুষ্ঠানত ভাষণ দি যোৱা ৪ নৱেম্বৰত বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই এনেদৰে কয়। সাংবাদিক গৰাকীয়ে আৰু কয় ‘জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে, টকা ঘটিবৰ কাৰণে অন্য বৃত্তি আছে। তেনে কৰিবৰ কাৰণে সাংবাদিকতা কৰিব নালাগে। সেই মানসিকতা আজিয়েই ত্যাগ কৰক। সাংবাদিকতা এটা বেলেগ বস্তু। এখন তৰোৱালৰ ওপৰত খোজ দি আগবাঢ়ি যোৱাটোৱেই সাংবাদিকতা’।বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ (JDSG College in Bokakhat) বুৰঞ্জী বিভাগ আৰু মৰঙি মহাবিদ্যালয়ৰ উদ্যোগত আৰু ক্ৰমে বোকাখাত মহকুমা সাংবাদিক সংস্থা (Bokakhat Journalists Association), বোকাখাত প্ৰেছ ক্লাব, ইমজা বোকাখাত, কাজিৰঙা নিউজ নেটৱৰ্ক, জে ডি এচ জি মহাবিদ্যালয় আৰু মৰঙি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত আজি বোকাখাত জে ডি এচ জি মহাবিদ্যালয় ভৱনত ‘সাংবাদিকতা : ইয়াৰ সামাজিক দায়বদ্ধতা আৰু নিয়োগৰ সম্ভাৱনীয়তা’ শীৰ্ষক আলোচনাত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে প্ৰতিদিন টাইমচৰ জ্যেষ্ঠ সাংবাদিক তথা মুখ্য সম্পাদক নিতুমণি শইকীয়াই। তেওঁ আৰু কয় ‘সাংবাদিকতা সদায় নিৰপেক্ষ হ’ব লাগে, ৰাইজৰ পক্ষত থাকিব লাগে’।তেওঁ লগতে কয় ‘প্ৰদ্যুত মহন্তৰ জাতীয় চেতনা আৰু বোকাখাতক দেখুৱাই যোৱা বাট উঠি অহা প্ৰজন্মই আগন্তুক দিনত জানক, বুজক আৰু আগুৱাই লৈ যাওক।’ জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যাপিকাদ্বয় হিৰিম্পা শইকীয়া আৰু ড° অঞ্জলি দেৱীয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নিতুমণি শইকীয়াই। প্ৰয়াত প্ৰদ্যুত মহন্তৰ পত্নী জ্যোতিৰেখা শইকীয়া মহন্তৰ লগতে উপস্থিত সকলে প্ৰদ্যুত মহন্তৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে।অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে প্ৰতিভাৱান যুৱ কণ্ঠশিল্পী তথা বাঁহী বাদক বৰ্ষাগ্নি ডেকাই। লগতে জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্ৰী সকলে মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট লোকগীত শিল্পী অতুল বেজবৰুৱাৰ কথা আৰু সুৰৰ সমবেত সংগীত পৰিৱেশন কৰে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ, মৰঙি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মামনি মহন্ত, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। সমল ব্যক্তি তথা মুখ্য অতিথি নিতুমণি শইকীয়াক দুয়োখন মহাবিদ্যালয়ৰ লগতে আটাইকেইটা সহযোগী সাংবাদিক সংগঠন, গ্ৰাছ বোকাখাত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত সমিতি, বোকাখাত গোৰ্খা সন্মিলন, বোকাখাত মিচিং সাহিত্য সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আদিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে, উদ্দেশ্যে ব্যাখ্যা কৰে জে ডি এচ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° বিজয় শৰ্মাই। প্ৰদ্যুত মহন্তৰ বিষয়ে চমু আলোকপাতেৰে স্মৃতিচাৰণ কৰে জিতু শৰ্মা ৰাজখোৱাই আৰু প্ৰদ্যুত মহন্তৰ পৰিয়ালৰ হৈ বক্তব্য প্ৰদান কৰে ড° মামনি মহন্তই। অনুষ্ঠানতে জে ডি এচ জি মহাবিদ্যালয়ৰ মুখপত্ৰ ‘জে ডি এচ জিয়ান’ উন্মোচন কৰে নিতুমণি শইকীয়াই।মুখপত্ৰ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° ৰুবী বৰাই। মুখপত্ৰ উন্মোচন কৰি উন্মোচনী ভাষণ ৰাখে উন্মোচক শইকীয়াই। শেষত শলাগৰ শৰাই আগবঢ়ায় মৰঙি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ধ্ৰুৱজ্যোতি বৰাই।অনুষ্ঠানত দুয়োখন উদ্যোক্তা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল, কৰ্মচাৰী সকলৰ লগতে আটাইকেইটা সহযোগী সাংবাদিক সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে বোকাখাতৰ কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিসকল আৰু ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷