বৈজ্ঞানিক মানসিকতা আৰু ছাত্ৰ-ছাত্ৰী
ড° পৰশমণি দাস
পৰীক্ষা, পর্যৱেক্ষণ, বিশ্লেষণ, অধ্যয়ন আৰু যুক্তিৰ দ্বাৰা সত্যক প্রতিষ্ঠা কৰিবলৈ বিচৰা জ্ঞানেই হৈছে বিজ্ঞান ৷ মন কৰিবলগীয়া যে বিজ্ঞানে সত্য বুলি দাঙি ধৰা কথাটো চৰম সত্য নহ’বও পাৰে। আচলতে বিজ্ঞানে সত্যৰ সন্ধান কৰে। এই সন্ধানৰ বাটেৰে আগবাঢ়ি যাওঁতে আৱিষ্কাৰ হৈ গৈ থাকে নতুন নতুন সত্যৰ। মানুহৰ পৰ্যৱেক্ষণ ক্ষমতাৰ বাহিৰত বা অত্যাধুনিক যন্ত্রপাতিয়েও ঢুকি নোপোৱা অসংখ্য তথ্য আছে। এই তথ্যবোৰ আৱিষ্কাৰ কৰিলে সত্য বুলি ভবা তত্ত্বটোৰো পৰিৱৰ্তন হ’ব পাৰে। তেনে অৰ্থতে ক’ব পাৰি যে বিজ্ঞানে সত্যৰ অনুধাৱনহে কৰে আৰু চৰম সত্য প্রাপ্তিৰ প্ৰক্ৰিয়াটো সকলোৰে বাবে মুকলি কৰি ৰাখে। বিজ্ঞান মানেই যুক্তি-নিৰ্ভৰ এটি মুকলি মন। যিসকল ব্যক্তিৰ সত্য সন্ধানৰ বাসনা বা ক্ষমতা আছে তেওঁলোকেই হ’ল বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী লোক। অন্য অৰ্থত, চকুৰ সমুখত দেখা প্ৰতিটো কথাকে নতুন দৃষ্টিভংগীৰে চালি-জাৰি চাব পৰাকৈ যদি কাৰোবাৰ এটি যুক্তিবাদী মুকলি মন আছে তেন্তে তেওঁক বিজ্ঞান-মনস্কতাৰ অধিকাৰী লোক বুলি ক’ব পৰা যাব।
বৈজ্ঞানিক মানসিকতাৰ ধাৰণাটো এতিয়াৰ নহয়; বৰং মানুহৰ সভ্যতা যিমান পুৰণি, বৈজ্ঞানিক মানসিকতাৰ ধাৰণাটোও সিমানেই পুৰণি। অৱশ্যে ‘বিজ্ঞান’বুলি ক’লে সাধাৰণ মানুহৰ মনলৈ সতকাই যিখন ছবি আহে, সেয়া প্ৰকৃততে বিগত ৩০০ বছৰৰ বিজ্ঞানৰ চিত্ৰহে। বিজ্ঞানে আগবঢ়োৱা আমাৰ দৈনন্দিন সামগ্ৰীবোৰ যেনেঃ ঘড়ী, ছপাযন্ত্ৰ, কেমেৰা, ৰেলগাড়ী, উৰাজাহাজ, ৰেডিঅ’, টেলিভিছন, কম্পিউটাৰ, মোবাইল ফোন ইত্যাদিৰ আৱিষ্কাৰ হৈছে যোৱা তিনি শতিকাৰ ভিতৰত। বিজ্ঞানৰ এই সামগ্ৰীবোৰৰ মাজতে জীৱন নিৰ্বাহ কৰা সাধাৰণ মানুহে সেইবাবে এই সময়ছোৱাকে বিজ্ঞানৰ যুগ বুলি ভবা দেখা যায়। প্রকৃততে বিজ্ঞানৰ ইতিহাস হৈছে মানুহৰ সভ্যতাৰ ইতিহাসৰে নামান্তৰ। শিলে শিলে খুন্দা খুৱাই যিজন বনমানুহে পোন প্ৰথমে জুইৰ সৃষ্টি কৰিছিল তেওঁকেই পৃথিৱীৰ প্ৰথম বিজ্ঞানী বুলি অভিহিত কৰা হয়। এটি যুক্তি-নিৰ্ভৰ বা বৈজ্ঞানিক মনৰ অধিকাৰী আছিল বাবেই সেই বনমানুহে বাৰে বাৰে শিলে শিলে ঘঁহাই জুই জ্বলাইছিল আৰু সেই জুইৰে মঙহ পুৰি খাইছিল অথবা শীতৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰিছিল। মানুহৰ সূক্ষ্ম পর্যবেক্ষণ, যুক্তিবাদী মন আৰু নিৰলস সাধনাৰ বাবেই আজি জুইক শক্তিৰ অন্যতম উৎস হিচাপে ব্যৱহাৰ কৰি নানা অসাধ্য সাধন কৰিবলৈ আমি সক্ষম হৈছোঁ।
বহু মানুহে ভাবে যে বিজ্ঞান চর্চা কৰা মানুহ বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী। প্ৰকৃততে এই কথা সঁচা নহয়। আচলতে সকলো মানুহেই বৈজ্ঞানিক মনৰ অধিকাৰী হ’ব পাৰে আৰু হোৱা উচিত। এখন সংস্কৃতিবান, সুৰুচিপূর্ণ, বিবেকবান সমাজৰ বাসিন্দা হ’বলৈ হ’লে প্ৰতিজন নাগৰিক বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হোৱাটো অন্যতম প্রাথমিক চৰ্ত; কিয়নো এনে এখন সমাজতহে কুসংস্কাৰ তথা অন্ধবিশ্বাসে গা কৰি উঠিব নোৱাৰে। কোৱা বাহুল্য যে সমাজ এখনৰ পশ্চাৎমুখিতাৰ অন্যতম কাৰণ হ’ল কুসংস্কাৰপূৰ্ণ চিন্তা-চৰ্চা ৷ মন কৰিবলগীয়া যে আধুনিক বিজ্ঞানে জনজীৱন স্পৰ্শ কৰাৰ বহু বছৰ পূৰ্বেই, অৰ্থাৎ অত্যাধুনিক যন্ত্রপাতি আৱিষ্কাৰ হোৱা বিগত তিনি শতিকাৰ বহু বছৰ আগতেই পৃথিৱীৰ ভালেসংখ্যক মনীষীয়ে তেওঁলোকৰ চিন্তা আৰু কাৰ্যৰ মাজেৰে বৈজ্ঞানিক মানসিকতাৰ পৰিচয় দাঙি ধৰিছিল, অথচ সেইসকল লোক আক্ষৰিক অৰ্থতে সামান্য যন্ত্ৰ এটি আৱিষ্কাৰ কৰা অথবা বিজ্ঞানৰ এটি সৰু সূত্ৰ আৱিষ্কাৰ কৰা বৈজ্ঞানিকো নাছিল। মাত্ৰ এটা উদাহৰণ দিব খুজিছোঁ। এতিয়াৰ পৰা আঢ়ৈ হেজাৰ বছৰ পূৰ্বেই গৌতম বুদ্ধই ভিক্ষুসকলক কৈছিলঃ“হে ভিক্ষুসকল, মোৰ প্ৰতি থকা শ্রদ্ধাৰ বাবেই তোমালোকে মোৰ কথাবোৰ গ্ৰহণ নকৰিবা। সোণ যিদৰে ঘঁহি-পিহি-পুৰি গ্ৰহণ কৰা হয়, সেইদৰে মোৰ কথাবোৰ যথাযথভাৱে পৰীক্ষা কৰিহে গ্ৰহণ কৰিবা।” বুদ্ধদেৱৰ এই চিন্তা বৈজ্ঞানিক মানসিকতাৰ প্ৰকাশ মাথো।
সমাজ এখনৰ বৃহৎ অংশ আগুৰি আছে ছাত্র-ছাত্রীসকলে। ছাত্র-ছাত্রীসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰতে সমাজখনৰ ভৱিষ্যতৰ চেহেৰা নিৰ্ভৰ কৰে। এওঁলোকৰ প্ৰত্যেককে যদি বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী ব্যক্তি হিচাপে গঢ়ি তুলিব পৰা যায়, তেনেহ’লে আমাৰ সমাজৰ বাতাৱৰণেই সলনি হৈ যাব। এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক, সমাজৰ অন্যান্য লোক, আনকি ছাত্র-ছাত্রীসকলে নিজেও আগভাগ লোৱাৰ প্ৰয়োজন আছে। আচলতে নিজৰ ঘৰখনতে অভিভাৱকসকলৰ দ্বাৰা শিশু অৱস্থাৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হিচাপে গঢ়ি তোলাৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱা উচিত। ৰাতিপুৱা শুই উঠি নিয়মিতভাৱে দাঁত ঘঁহা, যতে-ত’তে থু বা জাবৰ-জোথৰ নেপেলোৱা, স্কুলৰ পৰা আহি স্কুল বেগটো বিচনাত দলিয়াই নোথোৱা অথবা হাত নোধোৱাকৈ কোনো ধৰণৰ খোৱা বস্তু মুখত নিদিয়া, পায়খানা বা প্ৰস্ৰাৱগাৰতহে শৌচ-প্ৰস্ৰাৱ কৰা, বজাৰ ফুৰি অহা জোতাযোৰ পিন্ধি পাকঘৰ বা শোৱাঘৰত নোসোমোৱা, স্বাস্থ্যৰ বাবে হানিকাৰক পাণমচলা বা গুটখা আদি মুখত নিদিয়া, বহু সময় একেৰাহে টি.ভি. চাই নথকা, ওচৰৰ পৰা টি.ভি. নোচোৱা, এনেয়ে টি.ভি. লাইট-ফেন-ৰেডিঅ’ আদি অন কৰি নোথোৱা, মোবাইল ফোনত অদৰ্কাৰী কথা পাতি সময় নষ্ট নকৰা, লোকক আমনি দি উচ্চগ্ৰামত ৰেডিঅ’-ডেক্ নবজোৱা, দিপাৱলীৰ সময়ত পৰিৱেশ প্ৰদূষণকাৰী আতচবাজী ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা- এই আটাইবোৰ অভ্যাস মাক-দেউতাকে শিশুসকলক নিজৰ ঘৰতে নিশ্চয় শিকাব পাৰে। তদুপৰি স্বাস্থ্যৰ যতন সম্পৰ্কীয় কিছু কথা (যেনেঃ কিজাতীয় খাদ্য খাব লাগে, কিজাতীয় খাদ্য খাব নালাগে, নিয়ম অনুসৰি পানী খোৱা, প্ৰতিদিনে খোজ কঢ়া ইত্যাদি), সৰু-সুৰা আকস্মিক দুর্ঘটনাত তাৎক্ষণিকভাৱে ল’ব লগা যতন আদিৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক ঘৰতে শিকাব লাগে। এই আচৰণসমূহ বা নিয়মবোৰ আমি কিয় পালন কৰিব লাগে, পালন নকৰিলে আমাৰ কি কি ক্ষতি হ’ব পাৰে – সেই কথাবোৰ শিশুসকলক সিহঁতৰ বুজিব পৰা ভাষাত বুজাই দি, লগতে এইবোৰ পালন কৰিবলৈও সিহঁতক উৎসাহিত কৰিলে অথবা প্রয়োজন হ’লৈ বাধ্য কৰালে গম নোপোৱাকৈয়ে শিশু ছাত্ৰ-ছাত্ৰীসকলৰ বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি উঠিব। শিশু এটিক বুজা হোৱাৰে পৰা ১২-১৩ বছৰ বয়সলৈকে, অর্থাৎ শিশু অৱস্থাৰ পৰা ষষ্ঠ-সপ্তম শ্ৰেণীলৈকে ছাত্র-ছাত্রীসকলক এই বিষয়বোৰ আমি শিকাব লাগিব।
হাইস্কুলৰ উচ্চ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক, অর্থাৎ ১৪-১৫ বছৰ বা তাতোকৈ বেছি বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান-সজাগতাৰ অভিযানত প্রত্যক্ষভাৱে নিয়োগ কৰবি পৰা যায়। এই দিশত স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ভূমিকা আৰু সহযোগ বেছ গুৰুত্বপূৰ্ণ। পৰিৱেশ, স্বাস্থ্য আৰু আচৰণ সম্পৰ্কীয় কেতবোৰ অত্যাৱশ্যকীয় দিশত এই ছাত্র-ছাত্রীসকলে ফলপ্রসূ কার্য সম্পাদন কৰিব পাৰে। স্কুল কর্তৃপক্ষৰ সহযোগত এইসকল শিক্ষার্থীয়ে বক্তৃতা, ৰচনা প্রতিযোগিতা আদিৰ মাধ্যমেৰে আমাৰ পৰিৱেশ আৰু স্বাস্থ্য অটুট ৰাখিবলৈ পালন কৰিব লগা বৈজ্ঞানিক ব্যৱস্থাৱলীৰ বিষয়ে সজাগতা সৃষ্টি কৰিব পাৰে। স্কুলৰ সকলো ছাত্ৰ-ছাত্ৰীক সাঙুৰি মাহত দুবাৰকৈ স্কুলৰ চৌহদ চাফ-চিকুণ কৰা, বৃক্ষৰোপণ কৰা আদি কামবোৰ বেছ ফলদায়ক হ’ব। শিক্ষাৰ্থীসকলে আৰু কেতবোৰ দিশত সতর্ক দৃষ্টি ৰাখিব পাৰে; যেনেঃ কোনোবা ছাত্র-ছাত্রীয়ে মনে মনে স্কুলৰ কোঠাৰ বেৰত তামোলৰ পিক্ পেলাইছে নেকি, বৃক্ষৰোপণত পোতা সৰু সৰু গছ পুলিবোৰ কোনোবা দুষ্ট-উদণ্ড ছাত্রই উভালিছে নেকি, স্কুলৰ দাষ্টবিনটো ব্যৱহাৰ নকৰি কোনোৱে চোতালত বা কোঠাৰ ভিতৰতে কাগজৰ টুকুৰা পেলাইছে নেকি ইত্যাদি। প্রয়োজন হ’লে স্কুলৰ চৌহদ পৰিষ্কাৰ কৰিবলৈ যাওঁতে চকীদাজনে যদি প্লাষ্টিক পুৰবিলৈ আৰম্ভ কৰিছে তেওঁকো বুজাব লাগিব — প্লাষ্টিক পুৰিলে যে বহুতো বিষাক্ত গেছৰ উদ্ভৱ হয়, এই গেছবোৰে যে কেন্সাৰৰ জন্ম দিয়ে ইত্যাদি। ছাত্র-ছাত্রীসকলৰ এনে ধৰণৰ বিজ্ঞানভিত্তিক কর্মসূচীয়ে গম নোপোৱাকৈয়ে লাহে লাহে সমাজত ইতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিব।
স্কুলীয়া ছাত্র-ছাত্রীসকলে তেওঁলোকৰ বিজ্ঞান-সজাগতাৰ কাৰ্যসূচী নিজৰ নিজৰ চুবুৰিলৈও প্ৰসাৰিত কৰিব পাৰে। চুবুৰিটোৰ দুই-চাৰিজন সচেতন বাসিন্দাক লগত লৈ ওপৰৰ বিষয়বোৰৰ উপৰি অঞ্চলটোৰ নলা-নর্দমা চাফ্ চিকুণকৈ ৰখা, গৃহিণীসকলৰ স্বাস্থ্য হানি কৰা পাকঘৰটোৰ প্ৰদূষণ ন্যূনতম কৰা ইত্যাদি বিষয়বোৰ ছাত্ৰ-ছাত্ৰীসকলে সামৰি ল’ব লাগে।
মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰসাৰত অগ্রণী ভূমিকা ল’ব পাৰে নে নোৱাৰে? নিশ্চয় পাৰে; বৰং স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ তুলনাত ই হ’ব বেছি ফলপ্ৰদ আৰু শক্তিশালী। স্কুলীয়া ছাত্ৰ-ছাত্ৰীতকৈ বেছি অভিজ্ঞ কলেজৰ শিক্ষার্থীসকলে তেওঁলোকৰ বিজ্ঞান-সজাগতাৰ অভিযান চুবুৰিৰ পৰা গাঁওখনলৈ বা তাতোকৈ বৃহত্তৰ অঞ্চললৈ সম্প্ৰসাৰিত কৰিব পাৰে। বিশেষকৈ সমাজৰ পৰা ডাইনী হত্যা সম্পৰ্কীয়, ভূত-প্রেত সম্পৰ্কীয় বা আন আন যিকোনো কুসংস্কাৰ-অন্ধবিশ্বাস নির্মূল কৰাত কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ ভূমিকা বেছ সবল হ’ব বুলি আশা কৰিব পাৰি।
আমি প্রতি মুহূর্ততে এই কথা মনত ৰাখিব লাগিব যে বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ প্ৰধান লক্ষ্য হ’ল জনগণৰ সামূহিক কল্যাণ। যুগ যুগ ধৰি সঞ্চিত হোৱা জ্ঞানৰ ভঁৰালে আমাৰ বাবে কোনো তাৎপর্য বহন কৰিব নোৱাৰে যদিহে তাক মানৱ কল্যাণৰ বাবে প্ৰয়োগ কৰা নহয়। শিক্ষাৰ্থীসকলে অনবৰতে বুকুত কঢ়িয়াই ফুৰিব লাগিব ফ্রেন্সিস বেকনৰ সেই অমোঘ আদর্শ। বেকনে কৈছিল – ‘বিজ্ঞানক উচৰ্গা কৰা মানৱ কল্যাণৰ হকে’। প্ৰকৃততে ছাত্র-ছাত্ৰীসকলে আমি ভবাতকৈও বহু বেছি সমাজমুখী কাম সম্পাদন কৰিব পাৰে।
***