বেলতলা জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত ক’ভিড প্ৰতিষেধক

p.c Reuters

বেলতলা জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত ক’ভিড প্ৰতিষেধক

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ অধীনৰ সংস্থা ‘হেল্প এজ ইণ্ডিয়া’ৰ সৌজন্যত বেলতলা জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত ক’ভিড ভেকচিন প্ৰদান কৰা আজি দুমাহ সম্পূৰ্ণ হ’ল৷হেল্প এজ ইণ্ডিয়াক এইক্ষেত্ৰত সহযোগ আগবঢ়োৱা নিউ দিল্লীৰ ‘জন স্ন ইণ্ডিয়া’ৰ আঞ্চলিক মেনেজাৰ ডা° হিমাদ্ৰী পাঠক আৰু জনসংযোগ বিষয়া মানস প্ৰতিম দাসে কেন্দ্ৰটো পৰিদৰ্শন কৰি জ্যেষ্ঠ নাগৰিকসকলৰ এই ভেকচিন প্ৰক্ৰিয়াত সহযোগিতা দেখি সন্তুষ্টি প্ৰকাশ কৰে৷হেল্প এজৰ ফালৰ পৰা আঞ্চলিক মেনেজাৰ নিলেন্দ্ৰ টানিয়া,চুমী দেৱী আৰু নিলীমা কলিতাই বেলতলা জ্যেষ্ঠ নাগৰিকৰ উদ্যোগক প্ৰশংসা কৰে৷অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক বানেশ্বৰ খাউণ্ড আৰু সহকাৰী সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্হ্যৰ প্ৰতি ল’বলগা যত্নৰ সজাগতা অনাৰ ক্ষেত্ৰত সময়ে সময়ে বিশেষজ্ঞ চিকিৎসকসকলৰ দ্বাৰা জ্যেষ্ঠসকলৰ স্বাস্হ্য পৰীক্ষা কৰোৱাই হেল্প এজ ইন্দিয়াই বহুতো উপকাৰ কৰি আহিছে বুলি কয়৷দুয়োগৰাকী সম্পাদকে হেল্প এজ ইন্দিয়াই বয়োজ্যেষ্ঠ দিৱস পাতি অহাৰ প্ৰসংগও উত্থাপন কৰে৷