বেলতলাৰ বৰুৱা দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে

বেলতলাৰ বৰুৱা দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  বেলতলাৰ ছাৰ্ভেৰ বৰুৱা দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে অভিযুক্ত কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে।যোৱানিশা বশিষ্ঠ আৰক্ষী থানাত ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত মুখ খুলিলে আকাশে।কিন্তু এতিয়াও বহু কথা কোৱা নাই আকাশ চৌধুৰীয়ে।উল্লেখযোগ্য যে, ছাৰ্ভেৰ চন্দন নগৰত শোৱাপাটীতে হত্যা কৰা হৈছিল ননী গোপাল বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱাক।হত্যাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল বৃদ্ধ দম্পতীৰ কেয়াৰটেকাৰ আকাশ চৌধুৰীক।গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা হত্যাৰ অভিযোগ অস্বীকাৰ কৰি আহিছিল আকাশে।২০ বছৰ ধৰি ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীৰ কেয়াৰটেকাৰ হিচাপে আছিল আকাশ চৌধুৰী।বৃহস্পতিবাৰে নৱগ্ৰহ শ্মশানত বৰুৱী দম্পতীৰ শেষকৃত্য সম্পন্ন কৰা হয়।