বেছি চতুৰালি কৰা জনে সদায় ঠগন খায়
শৈলেন কুমাৰ
মিৰ্জা
মানুহ চতুৰ হ’ব লাগে কিন্তু চতুৰালিৰ এটা সীমা থাকে ৷ এজনৰ চতুৰালিৰ বাবে যদি আনৰ বিপদ হয় বা আনৰ ক্ষতি কৰাৰ উদ্দেশ্যি চতুৰালি কৰা যায় তেন্তে সেয়া অক্ষমণীয় ৷ বুৰঞ্জী,ইতিহাসত পাত লুটিয়াই চালে বিভিন্নজনৰ চতুৰালিৰ আৰত থকা অসৎ কুকাৰ্যৰ পৰিনাম কি হয় বহুত উদাহৰণ পোৱা যায় ৷ আজিকালিৰ অধিকাংশ লোকৰ চিন্তা ৰাতিপুৱা ওলাই আহি ৰাতি ঘৰ সোমোৱা পৰ্যন্ত কেনেকৈ আনক ঠগি নিজৰ পেটতো আৰু ঘৰখন পুহিব পাৰি ৷ কিন্তু সেইসকলে উপলব্ধি কৰিব নোৱাৰে যে আনৰ বস্তু কেতিয়াও নিজৰ হ’ব নোৱাৰে ৷ আনৰ বস্তুৰ ওপৰত চকু দিয়া অথবা নিজৰ অধিকাৰত লবলৈ বিচৰা মানসিকতা মানে নিজৰ গলত সৰ্প মেৰিয়াই লোৱা নতুবা বিহ পান কৰা একেটাই কথা ৷ নিজস্ব কষ্টৰে অৰ্জন কৰা খিনিহে নিজৰ আৰু ওপৰতে পোৱা বোৰ কেতিয়াও নিজস্ব নহয় ৷ কেতিয়াবা আপোনাৰ অনুভৱ হয়নে কপালৰ ঘাম মাটিত পেলাই অৰ্জন কৰা খিনিৰ মুল্য কিমান আৰু অনৰ্থক বিনা কষ্টৰে পোৱা খিনিৰ মুল্য কিমান? কিন্তু আজিকালিৰ মানুহৰ ভয়ভাব নোহোৱা হ’ল পাপপুণ্যৰ কথা কোৱা মানে হাস্যব্যংগৰহে প্ৰসংগ ৷ আগতে মানুহৰ অন্তৰত দয়ামমতা,ভগৱানৰ ওপৰত আস্থা লগতে মনত ভক্তিভাব আছিল যাৰবাবে আনক ক্ষতি কৰি নিজৰ পেট আৰু ঘৰ ভৰোৱাৰ চিন্তা মনত উদ্ভৱ নহৈছিল ৷ আজিকালি মানুহৰ দেহমন,বিবেক নিজৰ নিয়ন্ত্ৰণত নাই,আনে নচুৱাই আছে আৰু আমি নাচি আছো ৷ আজিকালি আমাক বিলাসিতাৰ সপোন দেখুওৱা হয় ৷ আমাৰ শৰীৰত শক্তি আছেনে নাই সেয়া গুৰুত্বপূৰ্ণ নহয় কিন্তু বিলাসিতাৰ দৌৰত আমি দৌৰিব লাগিব আৰু এটা ভাল অৱস্থানৰ অধিকাৰী হ’ব লাগিব ৷ আমাৰ মগজুত জ্ঞানৰ সলনি জাৱৰ ভৰোৱাই দিয়া হৈছে ৷ যাৰবাবে লক্ষ্যহীনভাৱে আমি অন্ধ হৈ অন্ধকাৰৰ ফালে গতি কৰি আছো ৷ মৰিশালিত চতুৰতাৰ কি কাম ?মানুহৰ স্বভাৱ সহজসৰল হোৱা উচিত,চতুৰালি আনৰ হিতাৰ্থে প্ৰয়োগ কৰা উচিত ৷ মনৰ বিবেকৰ অন্ধকাৰ আঁতৰাই জ্ঞানবুদ্ধিৰ জৌতি প্ৰজ্বলিত কৰক ৷ নহলে কথা এষাৰ আছে নহয় আনৰ কাৰণে হুল পুতিলে বোলে নিজে ফুটি মৰে ৷