বেছামাৰীত লিংগ বৈষম্যমুলক হিংসাৰ ‘সমাপ্তি’ শীৰ্ষক সজাগতা সভা অনুষ্ঠিত,দেৰ সতাধিক মহিলাৰ অংশগ্ৰহণ
দিলদাৰ হুছেইন, ধিং, ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ নির্দেশত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সৌজন্যত মৈৰাবাৰী উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহিলা সংগঠন বেছামাৰী অলকানন্দা মংণ্ডলৰ উদ্যোগত আজি নগাঁও জিলাৰ ধিঙৰ বেছামাৰীত “লিংগ বৈষম্যমুলক হিংসাৰ সমাপ্তি”শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত হয়। মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মৈৰাধ্বজ,বেছামাৰী,লালি পথাৰ আৰু বেছামাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত আশা কৰ্মী,অংগনবাদী কৰ্মী আৰু বেছামাৰী গাঁও পঞ্চায়তৰ সভাপতি হিবজুৰ ৰহমানৰ লগতে বৃহত্তৰ বেছামাৰী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতি থাকে। আনহাতে বেছামাৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পুৱা ১০ বজাত অনুষ্ঠিত হোৱা সভাখনত অলকানন্দা মংণ্ডলৰ সদস্যা ৰাইনা খাতুনে সভাপতিত্ব কৰে। প্ৰায় তেৰ সহস্ৰাধিক মহিলাই লিংগ সংবেদনশীলতাৰ ওপৰত শপত গ্ৰহণ কৰি নাৰী সুৰক্ষা কোষ গঠন কৰি “আৰু কিমান সহ্য কৰিম,এইবাৰ আমি মাত মাতিম,”নাৰীক হিংসা আৰু শিশু শ্ৰমিক বন্ধ কৰক, ছোৱালী আৰু ল’ৰাক সমানে অগ্ৰাধিকাৰ দিয়ক ,বাল্য বিবাহ বন্ধ কৰক আদি শ্লোগানৰে বেছামাৰী বজাৰৰ ৰাজপথেদি এখনি শোভাযাত্ৰা কৰাও পৰিলক্ষিত হয়। শোভাযাত্ৰাৰ শেষত অলকানন্দা মংণ্ডলৰ সদস্যা সকলে নাৰীৰ ওপৰত সমাজত চলি থকা পাশৱিক অত্যাচাৰ,যৌতুক আৰু নিৰ্যাতনৰ বিৰুদ্ধে অঞ্চলৰ নাৰী সমাজৰ মাজত সজাগতাৰ উদ্দেশ্য বেছামাৰী বজাৰত বেছামাৰী প্ৰেছ ক্লাৱৰ সম্মুখত “মোক এখনি আকাশ দিয়া” শীৰ্ষক বাটৰ নাট প্ৰদৰ্শিত কৰে।