বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে বুলি মন্তব্য ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ

Pc Time8

বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে বুলি মন্তব্য ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভিক্টৰ দাস সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়,”সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে।সঠিক তথ্য দিব পৰা নাই ভিক্টৰে৷ভিক্টৰে বস্তুবোৰ ভুলকৈ উত্থাপন কৰিছে।চাকৰিৰ বিনিময়ত ধন বিচৰা অভিযোগ সন্দৰ্ভত কাৰো নাম দিবলৈ সক্ষম হোৱা নাই।” ইফালে, পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ভিক্টৰ দাসৰ মাতৃয়ে কয় যে,”নিজ স্বাৰ্থৰ কাৰণে নহয়, শিক্ষাৰ্থীৰ কাৰণেহে এই পদক্ষেপ লৈছে ভিক্টৰ দাসে।ভিক্টৰৰ হাতত আছে সকলো তথ্য প্ৰমাণ।প্ৰমাণ নাথাকিলে ইমান ডাঙৰ পদক্ষেপ কোনেও নলয়।মোৰ ল’ৰা চৰকাৰৰ বিৰুদ্ধে যোৱা নাই।সুবিধাবাদী-মধ্যভোগীৰ বিৰুদ্ধে মাত মাতিছিল ভিক্টৰে।ইন্টাৰনেট কৰ্তন কৰি পৰীক্ষা পতাৰ বাবে মুখ্যমন্ত্ৰীক ছেলুট জনাইছিল ভিক্টৰে।ৰাইজক সহায় কৰিবলৈ যাওঁতে কিয় এনেকুৱা কৰিছে?”