বুঢ়া শিয়াল – ছেলিমা বেগম

PC - Deviant Art
বুঢ়া শিয়াল
ছেলিমা বেগম, নগাঁও 
এক আছিল বুঢ়া শিয়াল
ভাল নহয় তাৰ দিন-কাল ।
দুই দিন ধৰি চিকাৰ নাপায়;
নাই শিয়ালৰ কোনো উপায় ।
তিনি দিনৰ মূৰত কেঁকাই কেঁকাই
শিয়াল কোনো মতে যায় ওলাই।
চাৰি দিনৰ পাছত বুদ্ধি এটা ল’লে
গঁড়ৰ পিঠিত বহি ল’লে।
পাঁচ দিনৰ মূৰত হাবিত গৈ পালে,
পিঠিত বহি গান গাবলৈ ল’লে।
ছয় দিন ধৰি গান গায় থাকে এনে ধৰণে…
কে-কে-কে হুৱা হুৱা, গান শুনা শুনা
মনে-প্ৰাণে।
সাত দিনে সকলো পশু- পক্ষী
কাষত আহি পালেহি দৌৰি।
আঠ টাৰ লগত পাতিলে বন্ধুত্ব,
এটা এটাকৈ লৈ সোমাই গাঁতত ।
ন দিনৰ মূৰত গাত শক্তি পালে
পশু-পক্ষীৰ লগত নাচে তালে তালে।
দহ দিনৰ মূৰত বনৰ ৰজাক লগ পালে,
বাপৰে বাপ এক দৌৰ মাৰি পলাই সাৰে ।