বীৰ লাচিত সেনাৰ অসমীয়া ভাষাক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ;  বাংলা ভাষাৰ ফলকত সানিলে ক’লা ৰং

pc Facebook

বীৰ লাচিত সেনাৰ অসমীয়া ভাষাক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ;  বাংলা ভাষাৰ ফলকত সানিলে ক’লা ৰং

ৰঙিলী বাৰ্ত্তাসেৱা – বৰাকত অসমীয়া ভাষাক অপমান কৰা ঘটনাক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে অসমৰ বহুতো দল সংগঠন।  বীৰ লাচিত সেনাৰ সদস্যসকলে ফটাশিল আমবাৰী থানাৰ সমীপতে সেই স্থানত থকা এখন দোকানৰ বাংলা ভাষাৰ নামফলকত ক’লা ৰং সানি শীঘ্ৰে অসমীয়াত লিখিবলৈ ব্যৱসায়ীকজনক আহ্বান জনায়। ইপিনে, কালাপাহাৰ ভাৰত সেৱাশ্ৰমত উপস্থিত হৈ ধর্মীয় অনুষ্ঠানটোৰ ফলকত থকা বাংলা ভাষা অহা বুধবাৰৰ ভিতৰত মচি পেলাবলৈ বিভাগীয় কর্তৃপক্ষক আহ্বান জনায়। তাৰোপৰি বর্ষাপাৰাৰ সাৰদা পথৰ নাম ফলকতে ইংৰাজী, হিন্দী আৰু বাংলা ভাষা ব্যৱহাৰ কৰা হৈছিল। বীৰ লাচিত সেনাৰ মহানগৰ জিলা সমিতিৰ সম্পাদক বিকাশ বৰুৱাই জানিবলৈ দিয়া মতে বীৰ লাচিত সেনাৰ মহানগৰ সমিতিৰ সদস্যসকলে তাত উপস্থিত হৈ পথৰ নামফলকত থকা বাংলা ভাষাত ক’লা ৰং সানি প্রতিবাদ সাব্যস্ত কৰে। একেদৰে তদুপৰি গুৱাহাটী মহানগৰীৰ প্ৰতিখন দোকান-পোহাৰ আৰু অন্যান্য স্থানৰ বাংলা ভাষাৰ ফলক শীঘ্ৰে আঁতৰাই অসমীয়াৰ লিখিবলৈ বীৰ লাচিত সেনাই আহ্বান জনায়।