বিহ মেটেকবোৰ গুজি নিদিবা – মাধুৰী শৰ্মা সভাপণ্ডিত

pc-soilessential

বিহ মেটেকবোৰ গুজি নিদিবা –

মাধুৰী শৰ্মা সভাপণ্ডিত
—————–
নাৰিকল জোপাৰ গাত
জোনাক পৰি তৰাবুলীয়া হৈছে
সিৰাই সিৰাই নিয়ৰৰ মণি
পৰিভ্ৰমী চৰাইটোৰ পাখিৰ শব্দত
নিৰ্জনতাবোৰে খহাইছে ওৰণি।
জোনটোৰ হাঁহিত
অক্ষয় কৱচ পিন্ধিছে চোতালখনে।
আলসুৱা গীত এটিৰ ভাঁজত
সময়ে সূতা কাটিছে আগমনীৰ।
মনৰ ৰহঘৰাত
নুৰিয়াই আঘোণীয়া আশা
সুৱাগুৰি তুলিছো জীৱনৰ।
সোণ হালধীয়া পথাৰখনত
হালিছে-জালিছে যৌৱন।
বিহমেটেকাবোৰ গুজি নিদিবা ।