বিহু
বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ। অসমীয়াসকলে তিনিটা বিহু পালন কৰে। ৰঙালী(বহাগ) বিহু, ভোগালী(মাঘ)বিহু, কঙালী(কাতি) বিহু। বিহু অসমৰ সকলো ঠাইৰ লোকে জাতি বৰ্ণ-ধৰ্ম নিৰ্বিশেষে মহা উলাহেৰেপালন কৰে। সাধাৰণ অৰ্থত কবলৈ গলে বিহু অসমৰ সাংস্কৃতিক সমন্বয়ৰ প্ৰতীক আৰু অলেখ নৃত্বাধিক সামাজিক অৰ্থনৈতিক বৈচিত্ৰ্যৰ মাজত এই সমন্বয়েই অসমৰ আত্মা । অসমৰ উমৈহতীয়া সংস্কৃতিৰ পৰিচায়ক বিহু মূলতঃমংগোলীয় আৰু এচিয়-অষ্টিক জনগোষ্ঠী সমূহৰ অৱদান। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই নিজা বৈশিষ্ট্যৰে বিহু পালন কৰে। বিহুৰ মূল আত্মাৰ সকলো অসমীয়াৰে তেজত এতিয়াও প্ৰবাহমান। বিহু শব্দৰ উৎপত্তি পণ্ডিতৰ মতে সংস্কৃত ‘বিষুবত’ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক ‘বিষুবন’ পদৰ অৰ্থৰ পৰিষৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা ‘সত্ৰ’ বা ‘যজ্ঞ’ ৰ মাজৰ দিনতোক বুজায় অৰ্থাৎ দিন আৰু ৰাতি সমান হোৱা দিনতোৱেই ‘বিষুৱত’ ৰুপে পৰিচিত। সেই অৰ্থে বহাগ বিহুৰ দিনতো “বসন্ত বিষুবত”, মাঘ বিহুৰ দিনতো “উত্তৰায়ণ” আৰু কাতি বিহুৰ দিনা “হেমন্ত বিষুৱত” বুলি জনা যায়।
বহাগ বিহু চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয় । এই বিহুক প্ৰত্যেক দিন সুকীয়াকৈ নামাকৰণ কৰা হৈছে। সেয়া হল গৰু বিহু, মানুহ বিহু , গোসাঁই বিহু, তাঁতৰ বিহু, নাঙল বিহু, জীয়ৰী বা চেনেহীৰ বিহু আৰু চেৰা বিহু। এই সাতটা বিহুক অসমীয়া সাত বিহু বুলি কোৱা হয়।
বহাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুচৰি গোৱা। সৰু বৰ সকলোৱে মিনি বহাগৰ প্ৰথমকেইদিনত সকলোৱে ঘৰে ঘৰে গৈ হুচৰি গাই গৃহস্থৰ কুশল মংগল কামনা কৰে। কোনো কোনো ঠাইত স্থানীয় লোকসকল গোটেই মাহটো জুৰি হুচৰি গায়।
গৰু বিহুঃ- বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয়। গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধীয়ে নোৱাঁই সমীপৰ নৈ-পুখুৰীৰ অথবা বিললৈ নি গা-ধূৱাই দিয়া হয়। গা-ধূওৱাৰ আগতে লাও-বেঙেনা, হালধী, থেকেৰা-কেৰেলা আদিৰ তৈয়াৰ কৰা চাটৰ পৰা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু বুলি কৈ গালৈ দলিয়াই গৰুৰ শ্ৰী বৃদ্ধিৰ কামনা কৰা হয়। সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তী পাতেৰে “মাখিয়তী মাখিপাত মাখি মাৰো জাক জাক” বুলি কৈ গাই গৰুক বিছি দিয়া হয় আৰু পিঠা-পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয়। গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাত বিহুৰ দিনা সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে। গৰু বিহু দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক- পাচলি তৰু লতা তৃণ আদি অন্তভুক্ত কৰা হয়। এই শাক পাচলিবোৰত টেঙা, কেহা, তিতা গুণৰ সমাহাৰ হয়। স্বাভাৱিকতে এই সমূহে ঔষধিগুণ সম্পন্ন। অসমীয়া সমাজত খাদ্য প্ৰণালী সম্পৰ্কে বিভিন্ন নীতি নিয়ম আছে। সেইদিনা গ্ৰহণ কৰা এশ এবিধ শাকত কোনো খাদ্যৰ অশুভ প্ৰতিক্ৰিয়া নাথাকে আৰু নিঃসংকোচে প্ৰত্যেক ইয়াক গ্ৰহণ কৰে । বিহুৰ প্ৰথম দিনা ঔষধি গুণসম্পন্ন শাক পাত খাই বছৰটোলৈ বহু বান্ধে।
মানুহ বিহুঃ- পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুত ৰাতিপুৱাই সকলোৱে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আৰ্শীবাদ লয়। মানুহ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক বিহুৱান উপহাৰ দিয়ে।
গোসাঁই বিহুঃ- বিহুৰ তৃতীয় দিনা গোসাঁই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰ টোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়।
তাতঁৰ বিহুঃ- অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল। অসমীয়া শিপিনীয়ে হেনো তাঁত শালতে সপোন ৰচে । দৈনন্দিন জীৱনত ব্যৱহৃত সাজপাৰ সমূহ শিপীনী সকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁতশাল খনক মৰ্যাদা প্ৰদানৰেই এই দিনটোত অসমীয়া সকলে তাঁতৰ বিহু হিচাপে পালন কৰে।
নাঙলৰ বিহুঃ- মূলত কৃষি-কৰ্মতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ হৈছে নাঙল। সেয়েহে কৃষিকৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়।
চেনেহীৰ বা জীয়ৰী বিহুঃ- বিহু ষষ্ঠ দিনা চেনেহী বা জীয়ৰীৰ বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে। সেয়েহে সেইদিনা ‘চেনেহী বা জীয়ৰী বিহু’ বুলি কোৱা হয় ।
চেৰা বিহুঃ- সাত বিহুৰ শেষৰ দিনা চেৰা বিহু। এই বিহুক কোনো কোনোৱে এৰা বিহু বুলিও কয়। এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষে এশ এবিধ শাক খোৱাৰ নিয়ম আছে ।
“অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকোঁ,
তাতোকৈ চেনেহৰ ৰঙালী বিহুতি
নাপাতি কেনেকৈ থাকো”।
অসমীয়াৰ প্ৰাণ, অসমীয়াৰ গৌৰৱ, অসমীয়াৰ পৰিচয়, অসমীয়াৰ হিয়াৰ আমঠু, বুকুৰ কুটুম চেনেহৰ বাপতিসাহোন
ৰঙালী বিহু উপলক্ষে মই জ্যোতি জাগৃতি য়ে আন্তৰিক ওলগ আৰু শ্ৰদ্ধা জনালো।
ৰঙালী বিহু উপলক্ষে মই জ্যোতি জাগৃতি য়ে আন্তৰিক ওলগ আৰু শ্ৰদ্ধা জনালো।
জ্যোতি জাগৃতি
ডিব্ৰুগড়, চাবুৱা